ডাক্তৰ – ডাক্তৰ
১৯৮৯ চন । প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণী । সৰুছাৰৰ পুতেকে স্কুললৈ
আহিয়েই কলেহি যে সেইদিনাখন আমাক কলেৰা বেজী দিবলৈ ডাক্তৰ আহিব । কথাটো শুনাৰ লগে লগে লগৰ দুটামানে কিতাপ ফলি লৈ ভিৰাই ঘৰলৈ
দৌৰ দিলে । আমি ভয়পাদুৰা ভয়পাদুৰা বুলি চিঞৰি চিঞৰি সিহঁতক জোকাবলৈ ধৰিলো । মোৰো বুকুখন কঁপিছিল কিন্তু পলাবলৈ সাহস ন’হল । পানীখোৱা ছুটিৰ সময়ত
চাইকেলৰ কেৰিয়াৰত চামৰাৰ কলা বেগ এটা বান্ধি লৈ ডাক্টৰ হাজিৰ । আমি কোৱাকুই কৰিবলৈ ধৰিলো, “এইজনেই ডাক্তৰ । আমাক এতিয়া বেজী দিব” । সৰুছাৰে স্কুলৰ ওচৰৰ মানুহঘৰৰ পৰা কেটলী এটাত গৰম পানী আৰু
এটা মগ লৈ আহিল । ডাক্তৰজনে বেগৰ পৰা সৰু
বাকচ এটা উলিয়ালে আৰু সেইটোৰ পৰা ছিৰিঞ্জ এটা উলিয়াই লৈ তাত বেজী এটা লগাই ললে আৰু
মগত অলপ গৰম পানী লৈ ছিৰিঞ্জটোত পানী ভৰালে । তাৰ পাচত বিশেষ কায়দাৰে বেজীটো ওপৰমুৱা কৰি পানীখিনি ফিচকাৰী মাৰি ওপৰলৈ মাৰি
পঠিয়ালে । আমি ভয়ে ভয়ে চাই থাকোতেই সৰুছাৰে কলে “ চবেই আজি বেজী লব লাগিব, এতিয়া যিয়ে প্ৰথমতে লবহি তাক এটা মৰ্টন দিম
মোৰ ফালৰ পৰা” । এইবুলি এটা মৰ্টন জেপৰ পৰা
উলিয়াই টেবুলত থলে । কোনো আগবাঢ়ি নগ’ল । সৰুছাৰে এইবাৰ আলমাৰিটোৰ ওপৰত থোৱা বেতদাল ওলিয়াই ললে । ভাবিলো বেত খাই বেজী
লোৱাতকৈ মৰ্টনটো খোৱাই ভাল হব । এনেয়েওটো বেজী লবই লাগিব বুলি অগুৱাই গৈ হাতখন পাতি
দিলো । ডাক্তৰজনে সৰু বটল এটাৰ মুখত বেজীটো লগাই লৈ ছিৰিঞ্জটোত দৰৱ ভৰাই ললে । তাৰ পাছত গৰম পানীত কপাহ তিয়াই মোৰ বাওঁহাতৰ বাউসীতো
মোহাৰি ললে । মই কান্দিমেই নে হাঁহিম কৰি বেজীৰ খোঁচটো
মৰালৈকে চাই থাকিলো । এজনী আমৰলি পৰুৱাই কামোৰাৰ সমান বিষ হ’ল । বেজী দিয়া ঠাইদোখৰ কপাহেৰে মোহাৰি মোহাৰি বীৰদৰ্পে টেবুলত থোৱা মৰ্টনটো লৈ
নিজৰ ঠাইত বহি বাকীবোৰক বেজী দিয়া চাই থাকিলো । কিছুমানে কান্দিলে আৰু কিছুমানে একেবাৰে নিবিষালে বুলি কৈ বাকীবোৰক চাই থাকিল
।
বেজীৰ বিষে গধুলিহে পৰাক্ৰম দেখুৱাবলৈ ধৰিলে । হাতখন ডাঙিব
নোৱাৰা হলো, ক’ৰবাত লাগিলেই গেজেককৈ বিষাই । পিছদিনাখন জ্বৰীয়া গাৰেই স্কুললৈ গ’লো । উদ্দেশ্য এটাই, আমাৰ ভয়পদুৰা পলৰীয়া কেইটাক ডাঙৰচাৰে কি শাস্তি দিয়ে । পিচে শাস্তি দেখি সন্তোষ নাপালো কাৰণ গোটেইকেইটাক শাৰী
পাতি থিয় কৰাই মাত্ৰ দুবেত দুবেত দিয়েই শাস্তি সামৰিলে । আমি অংক নোৱাৰিলে আকৌ পাঁচ বেত দিছিল । ভয়পাদুৰা এটাই ওচৰলৈ আহি
কলেহি “ খোঁচটো খুৱাতকৈ দুবেত লোৱাই ভাল, দেখিলি” । মনতে সংকল্প ললো আজিৰ পৰা আৰু বেজী নলওঁ ।
চতুৰ্থ শ্ৰেণী । সৰুছাৰে পদ্য মুখস্ত লৈ আছে । হঠাতে দেখিলো ডাক্টৰ আহিছে
। চাইকেলৰ কেৰিয়াৰত কলা বেগটো । আমাৰ মুখবোৰ আতংকিত হৈ পৰিল । সৰুছাৰে ডাক্টৰক আগবঢ়াই আনিবলৈ বুলি বাহিৰলৈ ওলাইছেহে, সুবিধা বুজি আমাৰ ভয়পাদুৰা বহিনী খিড়ীকিৰে
জপিয়াই ওচৰৰ এৰাবাৰীখনৰ ফালে দৌৰ দিলে । এইবাৰ লগত ময়ো । এৰাবাৰীৰ ডাঠ হাবিৰ মাজে
মাজে গৈ হাফলু এটাৰ আঁৰত লুকাই আটাইকেইটাই ফোঁপাই জোপাই পিছলৈ চালো । নাই,
সৰুছাৰে পাছে পাছে নেখেদিলে । এতিয়া ডাক্টৰ নোযোৱালৈকে এৰাবাৰীতে লুকাই থকাই ভাল হব । ঘৰলৈ যাবলৈ আকৌ স্কুলৰ আগেদিয়েই যাব লাগিব । গতিকে হাঁফলুৰ ওপৰতে কিতাপবোৰ থৈ আটাইকেইটা বনপিঠা গছৰ তল পালোগৈ আৰু বনপিঠা
খায়েই সময়বোৰ পাৰ কৰিলো । পিছদিনাখন স্কুললৈ গৈহে গম
পালো যে ডাক্টৰে বেজী দিবলৈ অহাই নাছিল । সকলোকে পিল খুৱাই থৈহে গ’ল । তাৰমানে আমি ৰামঠগন খালো ।
ডাঙৰ চাৰৰ ওচৰত দুবেত লবলৈ হাতখন পাতি দি মনে মনে ভাবিলো “
বনপিঠা মিঠা, পিলবোৰহে
তিতা” ।
No comments:
Post a Comment