সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Sunday 26 January 2014

জীৱন বীমা ক্ৰয় কৰাৰ আগতে জানিবলগীয়া কিছু কথা



জীৱন বীমাৰ বিষয়ে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় কিছুকথা ।

1. আমি সাধাৰণতে
পলিচি খুলিলো, পলিচি কৰালো, বীমা ক্ৰয় কৰিলো আদি বিভিন্ন শব্দৰে জীৱন বীমা সুবিধা লোৱাৰ কথা কওঁ যদিও জীৱন বীমা ব্যৱহাৰিক অৰ্থত আচলতে এখন চুক্তিহে। আপুনি দিয়া  নিৰ্দিষ্ট পৰিমাণৰ কিস্তিৰ বিনিময়ত বীমা কোম্পানীটোৱে আপোনাৰ ভৱিষ্যতৰ আয়ৰ এক নিৰ্দিষ্ট পৰিমাণ আপোনাৰ অনাকাঙ্খিত মৃত্যুত আপোনাৰ পৰিয়ালক দিবলৈ অংগীকাৰবদ্ধ হয়। গতিকে বীমা যোজনা এখন ক্ৰয় কৰাৰ সময়ত এখন চুক্তি কৰাৰ মানসেৰে আগবাঢ়ক। বজাৰত বিভিন্ন প্ৰকাৰৰ উপলব্ধ যোজনাৰ পৰা চালি জাৰি চাই আপোনাৰ পচন্দৰ যোজনাখন নিজে বাচি উলিয়াওক। মনত ৰখা ভাল যে আপোনাৰ সন্মুখত বহি থকা বীমা অভিকৰ্তা (এজেণ্ট) জনে আপোনাক যোজনাখনৰ পৰা পাবপৰা সা-সুবিধাবোৰৰ বিষয়ে জ্ঞাত কৰিবহে পাৰে বা এইখনেই আপোনাৰ বাবে উপযুক্ত যোজনা বুলি আপোনাক উপদেশ দিবহে পাৰে কিন্তু শেষ সিদ্ধান্ত নিতান্তই আপোনাৰ।

2. বীমা যিহেতু এখন চুক্তি গতিকে ই কেইবাটাও ঢাপৰ মাজেৰে পাৰ হৈহে সম্পন্ন হয়। অন্য বিত্তীয় সঁজুলীৰ দৰে আপোনাৰ নথি পত্ৰ দাখিল কৰি চহীকেইটা মাৰিলেই সকলো হৈ নাযায়। আপোনাক দিয়া প্ৰ-পত্ৰখন ভালকৈ পঢ়ি নিজে পূৰ কৰক। প্ৰ-পত্ৰখনত থকা আপোনাৰ স্বাস্থ্য
, নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ অভ্যাস (ধুম্ৰপান/মদ্যপান) আপোনাৰ পৰিয়ালৰ বিশদ বিৱৰণ আদিৰ বিষয়ে সম্পুৰ্ণ শুদ্ধকৈ তথ্য দিয়ক। এই তথ্যসমুহৰ বিশংগতিয়ে আপোনাৰ অনাকাঙ্খিত মৃত্যুত দাবী (Death Claim) নিস্পত্তিৰ ক্ষেত্ৰত বাধা ৰূপে থিয় দিব পাৰে।

3. আপোনাৰ সন্মুখত বহি থকা কোম্পানীৰ প্ৰতিনিধিজনে আপুনি ক্ৰয় কৰা যোজনাখনৰ পৰা কিমান টকা আয় কৰিব অনুসন্ধান কৰাতকৈ যোজনাখনৰ অধীনত আপুনি কি কি সুবিধা পাব পাৰে সেয়া জানিবলৈ চেষ্টা কৰক। লগতে কোম্পানীৰ মৃত্যু দাবী নাকচ (
Claim Repudiation) কৰা হাৰৰ অনুসন্ধান কৰিবলৈ নাপহৰিব কি কি ক্ষেত্ৰত আপোনাৰ মৃত্যুত কোম্পানীয়ে আপোনাৰ উত্তৰাধিকাৰীক দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰে সেয়া জানি লওক।
4. বীমা বজাৰখনত উপলব্ধ বিভিন্ন যোজনাসমুহক প্ৰকাৰৰ ভিত্তিত টাৰ্ম যোজনা (Term Plan), এন্দাওমেণ্ট (Endowment), আজীৱন বীমা যোজনা (Whole Life Plan), মণি বেক (Money Back), পেনচন   যোজনা (Pension Plan), স্বাস্থ্য বীমা যোজনা (Health Insurance Plan), ইউলিপ (ULIP- Unit Linked Insurance Plan) আদি ভাগত ভাগ কৰিব পাৰি। এই যোজনাসমুহৰ মাজৰ পৰা এখন যোজনা বাচি উলিওৱাৰ সময়ত আপোনাৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়ক। এই বিভিন্ন প্ৰকাৰৰ যোজনাসমুহৰ মাজৰপৰা আপোনাৰ পচন্দৰ যোজনাখন বাচি উলিয়াবলৈ প্ৰতিটো প্ৰকাৰৰ যোজনাসমুহৰ বিষয়ে জনাটো দৰকাৰ।
টাৰ্ম যোজনা হৈছে বিশুদ্ধ বীমা। এই যোজনাৰ দ্বাৰা বীমাধাৰকক (Policyholder) এক নিৰ্দিষ্ট ম্যাদৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ বিত্তীয় সুৰক্ষা প্ৰদান কৰা হয়। নিৰ্দিষ্ট ম্যাদৰ ভিতৰত বীমাধাৰকৰ (Policyholder) মৃত্যু হলে উত্তৰাধিকাৰীয়ে মৃত্যু দাবীৰ ধন লাভ কৰে।  ম্যাদপুৰ্তিত(Maturity) গ্ৰাহকে গ্ৰাহকে কোনো টকা ঘুৰাই নাপায়।
এন্দাওমেণ্ট যোজনাৰ অধীনত ম্যাদপুৰ্তিৰ সময়লৈকে মৃত্যু দাবী নহলে অৰ্থাৎ ম্যাদপুৰ্তিৰ সময়লৈকে বীমাধাৰকজন জীয়াই থাকিলে বীমা প্ৰদাতাই (
Company) এক নিৰ্দিষ্ট পৰিমাণৰ লাভসহ কিছু ধন ম্যাদপুৰ্তি ৰাশিৰ (Maturity) ৰূপত বীমাধাৰকক প্ৰদান কৰে।
আজীৱন বীমা যোজনা (Whole Life Plan) আৰু  মণি বেক যোজনাৰ নামটোতেই ইয়াৰ বৈশিষ্ট লুকাই আছে। আজীৱন বীমা যোজনাই বীমাধাৰকক আজীৱন বীমাৰ সুবিধা প্ৰদান কৰে আৰু মণি বেক যোজনাৰ অধীনত এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে বীমাধাৰকে বীমা প্ৰদাতাৰ পৰা এক নিৰ্দিষ্ট ৰাশি লাভ কৰে।  একেদৰে পেনচন যোজনাৰ অধীনত ম্যাদপুৰ্তিত বীমাধাৰকক বা বীমাধাৰকৰ আবৰ্তমানত উত্তৰাধিকাৰীক পেনচন দিয়াৰ সুবিধা আছে।
স্বাস্থ্যবীমাৰ অধীনত বীমাধাৰকৰ স্বাস্থ্যক্ষেত্ৰত হবপৰা খৰচৰ পৰা সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। বেমাৰ আজাৰ বা দুৰ্ঘটনাজনিত কাৰণত কৰিবলগীয়া চিকি
ৎসাৰ খৰচৰ পৰা বীমাধাৰকক বিত্তীয় সকাহ দিয়াই এই যোজনাৰ প্ৰধান উদ্দেশ্য।
ইউলিপ যোজনাৰ অধীনত বীমাধাৰকক বীমাৰ সুবিধা প্ৰদান কৰাৰ ওপৰিও বীমাধাৰকে দিয়া কিস্তিৰ ধনৰ কিছু অংশ শ্বেয়াৰ বজাৰ বা তেনেধৰণৰ ক্ষেত্ৰত বিনিয়োগ কৰা হয়।
এতিয়া নিজেই ঠিৰাং কৰক কেনেধৰণৰ যোজনা আপোনাৰ বিত্তীয় পৰিকল্পনাৰ লগত খাপ খাব আৰু নিজৰ পৰিকল্পনা মতেই আগবাঢ়ক।  সস্তাতে পাই বস্তাত ভৰাই পস্তোৱাতকৈ অলপ অনুসন্ধান কৰি জানি বুজি নিজৰ পচন্দ অনুসৰি বীমা ক্ৰয় কৰক আৰু নিজৰ লগতে পৰিয়ালক বিত্তীয় সুৰক্ষা প্ৰদান কৰক।