সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Wednesday 21 July 2021

কণী যুঁজৰ আনন্দ

 কণী যুঁজৰ আনন্দ


প্ৰায় 1987-88 চন মানৰ কথা । মই তেতিয়া এল পি স্কুলত । সেই সময়ত আমাৰ গাওঁত চ’তৰ আৰম্ভণীৰ পৰাই হাঁহ আৰু কুকুৰাৰ কণী যুঁজ আৰম্ভ হৈ গৈছিল ।  আমি সৰুবোৰে নোপোৱা নুপুই মানে মিছা-মিছি যুঁজ খেলিছিলো আৰু ডাঙৰবোৰে পোৱা-পুই মানে সচাঁ-সচি কণী যুঁজাইছিল । আমিবোৰে যুঁজত হাৰিলেও হাতৰ কণীতো জিকা জনক দি দিব নালাগিছিল । অৱশ্যে বিহুৰ ওচৰ চাপি অহাৰ লগে লগে আমিও সঁচা-সঁচি যুজ কৰিবলৈ এৰা নাছিলো । হাৰিলে দিনতোলৈ মনতো  বেয়া লাগি থাকে । জিকিলে ঘৰলৈ গৈ পোনে পোনে মাৰ হাতত দিওগৈ । ভাত খাবৰ সময়ত বীৰত্ব জাহিৰ কৰিবলৈকে দুগৰাহমান বেছিকৈ খাওঁ ।

বৰদেউতাৰ লৰা সৰুকাইদেউ আছিল কণী যুঁজত ওস্তাদ । কণী দেখিলেই কব পাৰে কোনটো কণী টান  (আমাৰ ভাষাত, অৰ্থাত্ খোলা কঠিন)  আৰু কোনটো ঢিলা । দাঁতত টুকুৰিয়াই চাবলৈ পালেতো কথাই নাই । গতিকে তেওঁৰ লগত কণী যুঁজাবলৈ সকলোৱে ভয় কৰে । চ্’ত মাহ সোমোৱাৰ লগে লগে তেওঁ ওচৰৰে চামগুৰিৰ বায়েকৰ ঘৰৰ পৰা বাচি বাচি টান হাঁহৰ কণী লৈ আনে আৰু গাওঁত সকলোৰে সন্মুখত পৰাক্ৰম দেখুৱাই । বিহুৰ আগৰ কেইদিন তেওঁৰ হাতত সদায় চাৰি পাঁচটা কণী থাকেই । অৱশ্যে তাৰে দুটামান টান্, বায়েকৰ ঘৰৰ পৰা অনা আৰু বাকীকেইটা ফুচুৰি মানে একেবাৰে ঢিলা । প্ৰথমতে ফুচুৰি এটাৰে আৰম্ভ কৰি বিপক্ষক জিকাই লয় যাতে বিপক্ষই ভাবে যে তেওঁৰ হাতত বৰ এটা টান কণী নাই আৰু পাচত ব্ৰহ্মাস্ত্ৰ কেইপাত উলিয়াই ইজনৰ হাতৰ আটাইকেইটা কণী জিকি আনে। গৰু বিহুৰ দিনা ৰাতিপূৱা গৰু গা ধুৱাই হোৱাৰ পাছতে নিজে গা ধুই উঠি পুৰণি লংপেণ্ট কাটি বনোৱা মোনা এখনত দহ পোন্ধৰটামান কণী লৈ ওলাই আহে যুঁজলৈ বুলি । লগত মোক লৈ যায় । মইও বিহুৰ কাপোৰযোৰ পিন্ধি উলাই যাওঁ । সৰুকাইদেউৱে  মোৰ হাতত কণী এটা দি কয় “ লগৰকেইতাৰ লগতহে যুঁজাবি, ডাঙৰবোৰৰ লগত নুয়ুঁজাবি “ । ময়ো বীৰদৰ্পে কণী যুঁজাই থকা লগৰকেইটাৰ মাজত সোমাই পৰো । কোনোবাই যুঁজাব খুজিলেই বহ বুলি কৈ চিধাই যুজাই দিও । কাকো দাতত টিকাই চাবলৈ নিদিও । প্ৰায়েই জিকো । তেনেকৈ জিকা কণীবোৰ আমাৰ দুটাৰ মাজত সমানে ভাগ হয় । কাৰণ কণীৰ মালিক তেওঁহে । অৱশ্যে কেতিয়াবা হাৰিবও লগীয়া হয় । হাৰিলে ঘুৰি অহাৰ সময়ত ককাইদেৱে নিজে জিকি অনা কণী দুটামান হাতত দি পঠাই ।

এবাৰ বিহুত সৰুকাইদেৱে মোৰ হাতত এটা সৈয়া কণী দি কলে “চবৰে লগত এফালৰ পৰা যুঁজাই যাবি, আজি তোক কোনেও হৰুৱাব নোৱাৰে” । ময়ো সেইদৰে প্ৰথমতে লগৰ কেইটাৰ পৰা আৰম্ভ কৰি ডাঙৰবোৰৰ মাজত সোমালোগৈ । মোৰ হাতৰ সৈয়া কণীৰ লগত কোনোৱে টিকিব পৰা নাই । প্ৰায় ত্ৰিশটা মান কণী জিকিলো । এজনে আকৌ জেদত লাগি দহটামান কণী লৈ চেষ্টা কৰিলে । নাই মোৰ হাতৰ ব্ৰহ্মাস্ত্ৰ অলৰ অচৰ । আটাইকেইটা জিকিলো । অৱশেষত তেওঁ হাৰ মানি চাওচোন তই এইটো ক’ৰ পৰা আনিলি বুলি মোৰ হাতৰ পৰা কণীটো লৈ দাতত টিকাই চালে আৰু লগে লগে চিঞৰিলে “ ঐ ইয়াৰ হাতত এইটো সৈয়া কণী ,কোনেও নোৱাৰ এইটো ভাঙিব, মোৰ চীনাহাঁহৰ কণীকেইটাকে ভাঙি নিলে ই” । সেইদিনা আৰু মোৰ লগত কোনও যুঁজাবলৈ সাহস নকৰিলে ।

পাচৰ বছৰবোৰত লাহে লাহে নিজেও কণী টান-ঢিলা চাব পৰা হৈ উঠিলো । অৱশ্যে আমি হাইস্কুলত পঢ়ি থকা সময়লৈ হাঁহ কুকুৰাৰ কণী গাওঁত পাবলৈ নোহোৱা হৈ আহিল আৰু কণী যুঁজত ফাৰ্মৰ কণী ব্যৱহাৰ হবলৈ ললে । ফাৰ্মৰ কণী যুঁজত আকৌ টান ঢিলা চাবলৈ নাই চিধাই প্লেটৰ পৰা উঠাই যুঁজাব লাগে । আগৰ আমেজ নোহোৱা হৈ আহিল । কলেজত পঢ়ি থকালৈকে ফাৰ্মৰ কণী হলেও যুঁজাবলৈ পাইছিলো কিন্তু যোৱা পাঁচ বছৰ মানৰ পৰা কণী যুঁজ একেবাৰে নোহোৱা হৈ পৰিল । সিদিনা ঘৰলৈ যাওতে দেখিলো মায়ে খৰহি এটাত ঘৰৰ হাঁহৰ কণী থৈ দিছে । ভতিজাটোককাষত বহুৱাই দেখুৱালো কেনেকৈ টান ঢিলা কনী বাচিব লাগে । সি বৰ আমেজ পালে । কিন্তু কি হ’ব যুঁজাবলৈ আগৰ সেই পৰিবেশ গাওঁতো নোহোৱা হ’ল । ঘৰতে ভতিজা কেইটাৰ লগত নিয়মটো কৰিব লাগিব ।

Wednesday 16 July 2014

স্বাস্থ্যবীমা- এটি অৱলোকন

আমাৰ দৈনন্দিন জীৱন যাপনত সুস্বাস্থ্যৰ ভূমিকা যে অপৰিসীম এই চিৰসত্য কথাষাৰ হয়তু কোনেও নুই কৰিব নোৱাৰিব। বিজ্ঞলোকেও কয় বোলে স্বাস্থ্যই পৰম ধন। পৰিয়ালৰ সকলো সদস্যৰ লগতে সমাজৰ সকলোৰে সুস্বাস্থ্য আমাৰ সকলোৰে কাম্য। সদায় সুস্বাস্থ্যৰে জীয়াই থকাটো কাম্য হলেও পিছে বেমাৰ আজাৰ বা দুৰ্ঘটনাজনিত কাৰণত মাজে সময়ে আমাৰ সকলোৰে স্বাস্থ্যৰ অৱনতি হয়। যি কাৰণতে নহওক পিছে কাৰোবাৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে ইয়াৰ প্ৰভাৱ পৰিয়ালটোৰ আৰ্থিক স্বাস্থ্যৰ ওপৰতো পোনপটীয়াকৈ পৰে। চিকিৎসা বিজ্ঞানৰ ন ন উদ্ভাৱনে বৰ্তমান প্ৰায়বোৰ ৰোগৰে নিৰাময়ৰ উপায় সম্ভৱ কৰি তুলিছে যদিও এই চিকিৎসাসমুহ যথেষ্ট ব্যয়বহুল হোৱা বাবে সৰ্বসাধাৰণৰ বাবে ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে দহবাৰ ভাবিবলগীয়া হয়। পৰিয়ালৰ কোনো এজন সদস্য ৰোগত ভূগী থকাটো অতিকৈ অসহণীয়, গাঁঠিৰ ধন ভাঙি হলেও চিকিৎসা কৰাবই লাগিব। অন্য অৰ্থত বৰ্তমান সময়ত চিকিৎসা ব্যয় এক এৰাব নোৱাৰা আপদ বুলিলেও বেছি কোৱা নহয়। যিসকল চাকৰিয়ালে চিকিৎসা বানচ বা Madiclaim আচঁনিৰ ৰ সুবিধা লাভ কৰে তেওলোকে অলপ সকাহ পায় কিন্তু বেছিভাগ লোকৰ বাবে চিকিৎসা ব্যয় বহন কৰাটো অত্যন্ত দুৰূহ হৈ পৰে। এইখিনিতে প্ৰশ্ন হয় যে এই চিকিৎসা ব্যয়ৰ ৰূপত হোৱা আৰ্থিক ক্ষতিৰ পৰা ৰক্ষা পোৱাৰ কিবা উপায় আছেনে? নিশ্চয় আছে। অৱশ্যে এয়া নিৰ্ভৰ কৰিব পৰিয়ালৰ আৰ্থিক পৰিকল্পনাৰ ওপৰত। সাধাৰণতে আৰ্থিক পৰিকল্পনা বুলি কলেই বেংকত কৰা সঞ্চয়, ফিক্সড ডিপজিত, পি পি এফ, মিউচুৱেল ফাণ্ড-শ্বেয়াৰ বজাৰত কৰা বিনিয়োগ, জীৱন বীমা আদিৰ কথা প্ৰথমতেই আমাৰ মনলৈ আহে। এইবিলাক দৰকাৰী আহিলাৰ লগতে চিকিৎসা ব্যয়ৰ শিতানটোও আমাৰ আৰ্থিক পৰিকল্পনাৰ অন্তৰ্ভূক্ত কৰি লোৱা উচিত। এতিয়া প্ৰশ্ন হয় চিকিৎসা ব্যয়ৰ বাবে কেনেধৰণৰ আৰ্থিক পৰিকল্পনা সম্ভৱ? অনাকাঙ্খিত চিকিৎসা ব্যয়ৰ বাবে কেনেদৰে আমি সাজু হৈ থাকিব পাৰোঁ?

পৰিয়ালৰ কোনো এজন সদস্য বেমাৰত পৰিলে প্ৰথমতেই চিকিৎসকৰ ওচৰলৈ লৈ যোৱাটো হ'ল প্ৰথম কৰ্তব্য। প্ৰাথমিক চিকিৎসাৰ বাবে যেনেতেনে খৰচৰ যোগাৰ হৈ যায় আৰু ইয়াৰ বাবে কৰা খৰচো খুওব এটা বেছি নহয়কিন্তু প্ৰাথমিক চিকিৎসাৰ ফলত আৰোগ্য লাভ নকৰিলে বা কোনো জটিল ৰোগ ধৰা পৰিলে উন্নত চিকিৎসাৰ বাবে অনিচ্ছা স্বত্বেও গাঁঠিৰ ধন ভাঙিবলগীয়া হয়। এই গাঁঠিৰ ধন হব পাৰে বেংকৰ জমা টকা, অন্য কোনো উদ্দেশ্যত ৰখা ফিক্স ডিপজিত বা কোনো সম্পত্তি বন্ধকীত ৰাখি বা বিক্ৰী কৰি যোগাৰ কৰা কষ্টোপাৰ্জিত ধন। বহুক্ষেত্ৰত ধাৰ ঋণ লৈও উন্নত চিকিৎসাৰ বাবে ধন যোগাৰ কৰিবলগীয়া হয়। এই ধন চিকিৎসাৰ বাবে ব্যয় কৰাৰ পাছত ক্ষতিপূৰণৰ কোনো উপায নাথাকে আৰু ফলত পৰিয়ালটো কিছুদিনৰ বাবে হলেও আৰ্থিক অনাটনৰ সন্মুখীন হবলগীয়া হয়। চিকিৎসা ব্যয়ৰ ৰূপত হোৱা আৰ্থিক ক্ষতিৰ পৰা সকাহ পোৱাৰ একমাত্ৰ উপায় হৈছে মেডিক্লেইম বা স্বাস্থ্যবীমা। স্বাস্থ্যবীমা আমাৰ দেশৰ বীমা উদ্যোগত বহুদিনৰ পৰাই আছে যদিও তুলনামূলকভাবে জীৱন বীমাতকৈও কম জনপ্ৰিয় আৰু সেয়ে বৰ্তমানো সমাজৰ বেছিভাগ লোকেই এইবিধ আৰ্থিক সঁজুলিৰ সা-সুবিধাসমুহৰ বিষয়ে অজ্ঞসহজ অৰ্থত স্বাস্থ্যবীমা বুলি কলে স্বাস্থ্যৰক্ষাৰ বাবে কৰা আৰ্থিক ব্যয়ৰ ক্ষতিপূৰণক বুজিব লাগিব। এই ক্ষতিপূৰণ দুই প্ৰকাৰৰ হব পাৰে-প্ৰকৃত চিকিৎসাৰ খৰচ বহন আৰু পূৰ্বনিৰ্ধাৰিত হাৰত ক্ষতিপূৰণ।
চাকৰিয়ালসকলে লাভ কৰা স্বাস্থ্যবীমা আঁচনিৰ অধীনত সাধাৰণতে প্ৰকৃত চিকিৎসাৰ খৰচৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় যদিও চিকিৎসাৰ লগত জড়িত কিছুমান আনুসংগিক খৰচ এই আঁচনিৰ অন্তৰ্ভূক্ত নহয়। অন্যহাতে বৰ্তমান বীমা বজাৰখনত জনপ্ৰিয় হবলৈ ধৰা স্বাস্থ্যবীমা আঁচনিসমুহৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ পূৰ্বনিৰ্ধাৰিত হৈ থাকে আৰু সেয়ে এনে আঁচনিৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ আঁচনিখনৰ ওপৰত নিৰ্ভৰ কৰে, চিকিৎসাৰ খৰচৰ ওপৰত নিৰ্ভৰ নকৰেএই আলোচনাত কেৱল স্বাস্থ্যবীমাৰ পৰা পাব পৰা সুবিধা সমুহৰ বিষয়ে সংক্ষেপে বিবৰণ দিবলৈ প্ৰয়াস কৰা হৈছে।
এতিয়া প্ৰশ্ন হয় স্বাস্থ্যবীমা আঁচনিৰ দ্বাৰা আমি কেনেদৰে আৰ্থিক সুৰক্ষাৰ ব্যৱস্থা কৰিব পাৰো? স্বাস্থ্যবীমা আঁচনিয়ে আমাক কেনেধৰণৰ আৰ্থিক সুবিধা প্ৰদান কৰে?
সাধাৰণতে স্বাস্থ্যবীমা আঁচনিসমুহে প্ৰদান কৰা সুবিধাসমুহ কোম্পানী আৰু যোজনা অনুসৰি বেলেগ বেলেগ হয় যদিও সাধাৰণীকৰণ কৰি এই সুবিধাসমুহক প্ৰধানকৈ তলত দিয়াৰ দৰে ভাগ কৰিব পাৰি।

১. Hospital Cash Benefit (HCB):- বীমাধাৰকে (Policyholder) চিকিৎসালয়ত এক নিৰ্দিষ্ট সময়তকৈ অধিক সময় ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰিবলগীয়া হলে দৈনিক ভিত্তিত পূৰ্বনিৰ্ধাৰিত হাৰত এক নিৰ্দিষ্ট পৰিমাণৰ ধনৰাশি এই সুবিধাৰ আধাৰত প্ৰদান কৰা হয়। উদাহৰণ স্বৰূপে ধৰাহল কোনো এজন লোকৰ ২০০০ টকা HCB ৰ সুবিধা থকা স্বাস্থ্যবীমা যোজনাৰ অধীনত বীমা কৰোৱা আছে। এতিয়া যদি লোকজনে ৫ দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি হবলগীয়া হয় তেন্তে লোকজনে প্ৰথম ২৪ ঘণ্টা বাদ দি চাৰি দিনৰ বাবে দৈনিক ২০০০ টকাকৈ মুঠ ৮০০০ টকা HCB Claim যোগে লাভ কৰিব। Intensive Care Unit (ICU) ত চিকিৎসাধীন হবলগীয়া হলে HCB ৰ পৰিমাণ দুগুণ বা তাতোধিক হব পাৰেপ্ৰথম ২৪ ঘণ্টা চিকিৎসালয়ত ভৰ্তি হৈ থকা সময়খিনি আঁচনিখনে সামৰি নলয় যদিও চিকিৎসালয়ত সাত দিন বা তাতোধিক সময় চিকিৎসাধীন হৈ থাকিলে এই ২৪ ঘণ্টাৰ বাবেও বীমাধাৰকে HCB ৰ ধনৰাশি লাভ কৰে। অৰ্থাৎ যদি বীমাধাৰক আঠ দিনৰ বাবে চিকিৎসাধীন হৈ থাকে তেন্তে HCB ৰ পৰিমাণ হব ২০০০X৮=১৬০০০ টকা। অৱশ্যে উল্লেখ কৰা প্ৰয়োজন যে কোম্পানী আৰু যোজনা অনুসৰি এই সময়খিনি(২৪ ঘণ্টা) বেলেগ বেলেগ হব পাৰে।( অৰ্থা কিছুমান যোজনাত ২৮ ঘণ্টা, কিছুমানত ৪৮, কিছুমানত ৫২ আকৌ কিছুমান যোজনাত ৭২ ঘণ্টালৈকে হব পাৰে।)

২. Major Surgical Benefit (MSB): বীমাধাৰকে স্বাস্থ্যবীমা যোজনাখনৰ তালিকাভূক্ত কিছুমান নিৰ্দিষ্ট শৈল্যচিকিৎসা গ্ৰহণ কৰিবলগীয়া হলে এই সুবিধা লাভ কৰে। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশি HCB ৰ ২০ গুণৰ পৰা ১০০ গুণলৈকে হব পাৰে আৰু এই ধনৰাশি শৈল্যচিকিৎসাৰ প্ৰকাৰ অৰ্থাৎ Major, Semi Major বা Minor আদিৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে ওপৰত দিয়া উদাহৰণৰ ব্যক্তিজনৰ ক্ষেত্ৰত যদি তালিকাভূক্ত কোনো এটা শৈল্যচিকিৎসা প্ৰদান কৰা হয় তেন্তে ব্যক্তিজনে যোজনাখনৰ অধীনত নিম্নতম ২০০০X২০= ৪০০০ টকা আৰু সৰ্বোচ্চ ২০০০X১০০= ২০০০০০ টকা MSB দাবী কৰিব পাৰে। এই MSB ৰ পৰিমাণ শৈল্যচিকিৎসাৰ জটিলতাৰ ওপৰত নিৰ্ভৰশীল বুলিব পাৰি।

৩. Day Care Procedure Benefit (DCPB): স্বাস্থ্যবীমা যোজনাখনৰ তালিকাভূক্ত কিছুমান নিৰ্দিষ্ট Day Care চিকিৎসাৰ বাবে এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশিও MSB ৰ দৰে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৪. Other Surgical Benefit (OSB): MSB আৰু DCPB ৰ আওতাত নপৰা বা তালিকাভূক্ত নোহোৱা শৈল্যচিকিৎসাৰ বাবে এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত পাবপৰা ধনৰাশিও MSB ৰ দৰে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৫. Critical Illness Benefit: কিছুমান নিৰ্দিষ্ট বেমাৰৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হয় আৰু এই সুবিধাৰ অধীনত এক নিৰ্দিষ্ট ধনৰাশি বীমাধাৰকক প্ৰদান কৰা হয়।

৬. Domiciliary Treatment Benefit (DTB): ঘৰতে লোৱা চিকিৎসাৰ ক্ষেত্ৰত এই সুবিধা প্ৰদান কৰা হয়। এই সুবিধাও সাধাৰণতে HCB ৰ ওপৰত নিৰ্ভৰ কৰে।

৭. Pre and Post Hospitalization Benefit: সাধাৰণতে চিকিৎসালযত ভৰ্তি হোৱাৰ নিৰ্দিষ্ট কিছু দিনৰ আগৰপৰা আৰু চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ কিছুদিনৰ পাছলৈকে হোৱা খৰচৰ ক্ষতিপূৰণ হিচাপে এই শিতানৰ দ্বাৰা কিছু ধন বীমাধাৰকক প্ৰদান কৰা হয়।

এই সুবিধাসমুহৰ ওপৰিও কিছুমান যোজনাই এম্বুলেঞ্চ, এনাস্থেচিয়া, ফিজিওথেৰাপি আদিৰ বাবে সুকীয়াকৈ ধনৰাশি প্ৰদান কৰে। ইয়াৰোপৰি প্ৰায় প্ৰতিটো কোম্পানীয়ে নক্লেইম বোনাচ, বছৰি এক নিৰ্দিষ্ট পৰিমাণত HCB ৰ লগতে MSB, DCPT, DTB OSB আদিৰ জৰিয়তে পাবপৰা ধনৰাশিৰ পৰিমাণ বৃদ্ধি আদি সুবিধা প্ৰদান কৰে।
ওপৰৰ আলোচনাত স্বাস্থ্যবীমা যোজনাৰ অধীনত কেনেধৰণৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয় সেয়া সাধাৰণীকৰণ কৰি কেৱলমাত্ৰ উল্লেখহে কৰা হৈছে। এয়া কোনো কোম্পানীৰ এখন যোজনাৰ বৰ্ণনা নহয়। কোম্পানী অনুসৰি আৰু যোজনা অনুসৰি এই সুবিধাবিলাকৰ যোগ বিয়োগ হোৱাটো স্বাভাৱিক।

অন্যহাতে স্বাস্থ্যবীমা আঁচনিৰ আকৌ দুটা প্ৰকাৰ আছে- ব্যক্তিগত আৰু ফেমিলী ফ্লটাৰ। ব্যক্তিগত স্বাস্থ্যবীমা আঁচনিয়ে কেৱল মাত্ৰ এজন বীমাধাৰকক বীমা প্ৰদান কৰে। অন্যহাতে ফেমিলী ফ্লটাৰ আঁচনিয়ে গোটেই পৰিয়ালকে বীমা প্ৰদান কৰে। ফেমিলী ফ্লটাৰ আঁচনিৰ ক্ষেত্ৰত এজন মূখ্য বীমাধাৰক থাকে আৰু মূখ্য বীমাধাৰকৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলকো যেনে পিতৃ-মাতৃ, পত্নী, পুত্ৰ-জীয়ৰী আদি সকলোকে একেখন যোজনাৰ অধীনত স্বাস্থ্যবীমাৰ সুবিধা প্ৰদান কৰে।

দাবী নিস্পত্তি (Claim)- দাবী নিস্পত্তিৰ ক্ষেত্ৰত স্বাস্থ্যবীমা কোম্পানীসমুহে সাধাৰণতে তৃতীয় পক্ষৰ অনুসন্ধানৰ ওপৰওত নিৰ্ভৰ কৰে। বীমাধাৰকে দাবীকৃত ধনৰাশি যাতে কোনো আহুকাল নোহোৱাকৈ লাভ কৰে সেই উদ্দেশ্যে কোম্পানীসমুহে সাধাৰণতে দুইপ্ৰকাৰৰ সুবিধা প্ৰদান কৰে-

১. নগদৰহিত (Cashless Hospitalization) চিকিৎসাৰ সুবিধা- বীমা কোম্পানীৰ অনুমোদনপ্ৰাপ্ত কিছুমান চিকিৎসালয়ত (Network Hospital) বীমাধাৰকে চিকিৎসা গ্ৰহণ কৰিলে এই সুবিধা গ্ৰহণ কৰিব পাৰে।

২. চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ (Reimbursement)- অনুজ্ঞাপ্ৰাপ্ত যিকোনো চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ পাছত বীমা প্ৰদাতাক (Insurer) যাবতীয় নথি পত্ৰ দাখিল কৰিলে চিকিৎসা ব্যয়ৰ ক্ষতিপূৰণ হিচাপে যোজনাখনৰ অধীনত দাবীকৃত ধনৰাশি বীমাধাৰকক প্ৰদান কৰা হয়।



Sunday 26 January 2014

জীৱন বীমা ক্ৰয় কৰাৰ আগতে জানিবলগীয়া কিছু কথা



জীৱন বীমাৰ বিষয়ে গ্ৰাহকৰ বাবে প্ৰয়োজনীয় কিছুকথা ।

1. আমি সাধাৰণতে
পলিচি খুলিলো, পলিচি কৰালো, বীমা ক্ৰয় কৰিলো আদি বিভিন্ন শব্দৰে জীৱন বীমা সুবিধা লোৱাৰ কথা কওঁ যদিও জীৱন বীমা ব্যৱহাৰিক অৰ্থত আচলতে এখন চুক্তিহে। আপুনি দিয়া  নিৰ্দিষ্ট পৰিমাণৰ কিস্তিৰ বিনিময়ত বীমা কোম্পানীটোৱে আপোনাৰ ভৱিষ্যতৰ আয়ৰ এক নিৰ্দিষ্ট পৰিমাণ আপোনাৰ অনাকাঙ্খিত মৃত্যুত আপোনাৰ পৰিয়ালক দিবলৈ অংগীকাৰবদ্ধ হয়। গতিকে বীমা যোজনা এখন ক্ৰয় কৰাৰ সময়ত এখন চুক্তি কৰাৰ মানসেৰে আগবাঢ়ক। বজাৰত বিভিন্ন প্ৰকাৰৰ উপলব্ধ যোজনাৰ পৰা চালি জাৰি চাই আপোনাৰ পচন্দৰ যোজনাখন নিজে বাচি উলিয়াওক। মনত ৰখা ভাল যে আপোনাৰ সন্মুখত বহি থকা বীমা অভিকৰ্তা (এজেণ্ট) জনে আপোনাক যোজনাখনৰ পৰা পাবপৰা সা-সুবিধাবোৰৰ বিষয়ে জ্ঞাত কৰিবহে পাৰে বা এইখনেই আপোনাৰ বাবে উপযুক্ত যোজনা বুলি আপোনাক উপদেশ দিবহে পাৰে কিন্তু শেষ সিদ্ধান্ত নিতান্তই আপোনাৰ।

2. বীমা যিহেতু এখন চুক্তি গতিকে ই কেইবাটাও ঢাপৰ মাজেৰে পাৰ হৈহে সম্পন্ন হয়। অন্য বিত্তীয় সঁজুলীৰ দৰে আপোনাৰ নথি পত্ৰ দাখিল কৰি চহীকেইটা মাৰিলেই সকলো হৈ নাযায়। আপোনাক দিয়া প্ৰ-পত্ৰখন ভালকৈ পঢ়ি নিজে পূৰ কৰক। প্ৰ-পত্ৰখনত থকা আপোনাৰ স্বাস্থ্য
, নিচাযুক্ত দ্ৰব্য ব্যৱহাৰৰ অভ্যাস (ধুম্ৰপান/মদ্যপান) আপোনাৰ পৰিয়ালৰ বিশদ বিৱৰণ আদিৰ বিষয়ে সম্পুৰ্ণ শুদ্ধকৈ তথ্য দিয়ক। এই তথ্যসমুহৰ বিশংগতিয়ে আপোনাৰ অনাকাঙ্খিত মৃত্যুত দাবী (Death Claim) নিস্পত্তিৰ ক্ষেত্ৰত বাধা ৰূপে থিয় দিব পাৰে।

3. আপোনাৰ সন্মুখত বহি থকা কোম্পানীৰ প্ৰতিনিধিজনে আপুনি ক্ৰয় কৰা যোজনাখনৰ পৰা কিমান টকা আয় কৰিব অনুসন্ধান কৰাতকৈ যোজনাখনৰ অধীনত আপুনি কি কি সুবিধা পাব পাৰে সেয়া জানিবলৈ চেষ্টা কৰক। লগতে কোম্পানীৰ মৃত্যু দাবী নাকচ (
Claim Repudiation) কৰা হাৰৰ অনুসন্ধান কৰিবলৈ নাপহৰিব কি কি ক্ষেত্ৰত আপোনাৰ মৃত্যুত কোম্পানীয়ে আপোনাৰ উত্তৰাধিকাৰীক দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰে সেয়া জানি লওক।
4. বীমা বজাৰখনত উপলব্ধ বিভিন্ন যোজনাসমুহক প্ৰকাৰৰ ভিত্তিত টাৰ্ম যোজনা (Term Plan), এন্দাওমেণ্ট (Endowment), আজীৱন বীমা যোজনা (Whole Life Plan), মণি বেক (Money Back), পেনচন   যোজনা (Pension Plan), স্বাস্থ্য বীমা যোজনা (Health Insurance Plan), ইউলিপ (ULIP- Unit Linked Insurance Plan) আদি ভাগত ভাগ কৰিব পাৰি। এই যোজনাসমুহৰ মাজৰ পৰা এখন যোজনা বাচি উলিওৱাৰ সময়ত আপোনাৰ প্ৰয়োজনীয়তাক প্ৰাধান্য দিয়ক। এই বিভিন্ন প্ৰকাৰৰ যোজনাসমুহৰ মাজৰপৰা আপোনাৰ পচন্দৰ যোজনাখন বাচি উলিয়াবলৈ প্ৰতিটো প্ৰকাৰৰ যোজনাসমুহৰ বিষয়ে জনাটো দৰকাৰ।
টাৰ্ম যোজনা হৈছে বিশুদ্ধ বীমা। এই যোজনাৰ দ্বাৰা বীমাধাৰকক (Policyholder) এক নিৰ্দিষ্ট ম্যাদৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ বিত্তীয় সুৰক্ষা প্ৰদান কৰা হয়। নিৰ্দিষ্ট ম্যাদৰ ভিতৰত বীমাধাৰকৰ (Policyholder) মৃত্যু হলে উত্তৰাধিকাৰীয়ে মৃত্যু দাবীৰ ধন লাভ কৰে।  ম্যাদপুৰ্তিত(Maturity) গ্ৰাহকে গ্ৰাহকে কোনো টকা ঘুৰাই নাপায়।
এন্দাওমেণ্ট যোজনাৰ অধীনত ম্যাদপুৰ্তিৰ সময়লৈকে মৃত্যু দাবী নহলে অৰ্থাৎ ম্যাদপুৰ্তিৰ সময়লৈকে বীমাধাৰকজন জীয়াই থাকিলে বীমা প্ৰদাতাই (
Company) এক নিৰ্দিষ্ট পৰিমাণৰ লাভসহ কিছু ধন ম্যাদপুৰ্তি ৰাশিৰ (Maturity) ৰূপত বীমাধাৰকক প্ৰদান কৰে।
আজীৱন বীমা যোজনা (Whole Life Plan) আৰু  মণি বেক যোজনাৰ নামটোতেই ইয়াৰ বৈশিষ্ট লুকাই আছে। আজীৱন বীমা যোজনাই বীমাধাৰকক আজীৱন বীমাৰ সুবিধা প্ৰদান কৰে আৰু মণি বেক যোজনাৰ অধীনত এক নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে বীমাধাৰকে বীমা প্ৰদাতাৰ পৰা এক নিৰ্দিষ্ট ৰাশি লাভ কৰে।  একেদৰে পেনচন যোজনাৰ অধীনত ম্যাদপুৰ্তিত বীমাধাৰকক বা বীমাধাৰকৰ আবৰ্তমানত উত্তৰাধিকাৰীক পেনচন দিয়াৰ সুবিধা আছে।
স্বাস্থ্যবীমাৰ অধীনত বীমাধাৰকৰ স্বাস্থ্যক্ষেত্ৰত হবপৰা খৰচৰ পৰা সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হয়। বেমাৰ আজাৰ বা দুৰ্ঘটনাজনিত কাৰণত কৰিবলগীয়া চিকি
ৎসাৰ খৰচৰ পৰা বীমাধাৰকক বিত্তীয় সকাহ দিয়াই এই যোজনাৰ প্ৰধান উদ্দেশ্য।
ইউলিপ যোজনাৰ অধীনত বীমাধাৰকক বীমাৰ সুবিধা প্ৰদান কৰাৰ ওপৰিও বীমাধাৰকে দিয়া কিস্তিৰ ধনৰ কিছু অংশ শ্বেয়াৰ বজাৰ বা তেনেধৰণৰ ক্ষেত্ৰত বিনিয়োগ কৰা হয়।
এতিয়া নিজেই ঠিৰাং কৰক কেনেধৰণৰ যোজনা আপোনাৰ বিত্তীয় পৰিকল্পনাৰ লগত খাপ খাব আৰু নিজৰ পৰিকল্পনা মতেই আগবাঢ়ক।  সস্তাতে পাই বস্তাত ভৰাই পস্তোৱাতকৈ অলপ অনুসন্ধান কৰি জানি বুজি নিজৰ পচন্দ অনুসৰি বীমা ক্ৰয় কৰক আৰু নিজৰ লগতে পৰিয়ালক বিত্তীয় সুৰক্ষা প্ৰদান কৰক।


Monday 10 June 2013

                                           উপাৰ্জনৰ চিন্তা

“পঢ়ি শুনি ডিগ্ৰীটো ললো, চাকৰিৰ সাক্ষাতকাৰো দিলো কিন্তু যোগ্যতাৰ লগতে আৰু কিবা এটা নহলে চাকৰি নহয়গৈ ।“ – এয়া চাৰি বছৰ আগতে কোৱা এজন নিবনুৱাৰ মনৰ কথা
নিবনুৱাজনৰ ঘৰলৈ যোৱা 31 মেত ভাত খোৱাৰ নিমন্ত্ৰণ আছিল বিভিন্ন কথাৰ মাজতে তেওঁ মোক যোৱা বিত্তীয় বৰ্ষৰ টি. ডি. এছ খন উলিয়াই দেখুৱালে দেখিলো যোৱা বিত্তীয় বৰ্ষত তেওঁৰ আয় দেৰ লক্ষতকৈ অধিক বছৰেকত দেৰ লক্ষ অৰ্থাত মাহিলী গড়ে বাৰ হেজাৰতকৈও অধিক মনটো ভাল লাগি গ এইবছৰ তেওঁ নিজৰ লক্ষ্য স্থিৰ কৰিছে আঢ়ৈ লক্ষ টকা উপাৰ্জন কৰিবলৈ  তেও ভাৰতীয় জীৱন বীমা নিগমৰ অভিকৰ্তা (এজেণ্ট), বয়স 25 বছৰ এবছৰ মানৰ পৰা তেওঁ চাহ বাগিচাৰ ফেক্টৰীতো  অস্থায়ীভাবে কাম কৰিবলৈ লৈছে দৈনিক হাজিৰা 85 টকা দৰত তেওঁৰ মতে এয়া চাইড বিজিনেচ হে
এয়া কেৱল এজন অভিকৰ্তাৰ কাহিনী আমাৰ কাৰ্য্যালয়তে প্ৰায় আঠশ মান অভিকৰ্তা আছে ইয়াৰ ভিতৰত মাহিলী এক লাখতকৈ বেছি উপাৰ্জন কৰা অভিকৰ্তা পাঁচজনমান আছে ওপৰত উল্লেখ কৰা যুৱকজন মধ্যমীয়া অভিকৰ্তা তেওঁ দৰে অভিকৰ্তাৰ সংখ্যা কাৰ্য্যালয়ত তিনিশ মান হব
ভাৰতীয় জীৱন বীমা নিগমৰ উন্নয়ণ বিষয়া হিচাপে শিক্ষিত নিবনুৱা যুৱক যুৱতীক জীৱন বীমাৰ অভিকৰ্তা (এজেণ্ট) হবলৈ অনুপ্ৰাণিত কৰা, তেওঁলোকক প্ৰশিক্ষণ দিয়া আৰু তেওঁলোকৰ জৰিয়তে জীৱন বীমাৰ ব্যৱসায়ৰ প্ৰসাৰণ ঘটোৱা মোৰ কৰ্তব্যৰ আওতাত পৰে বীমা অভিকৰ্তা (এজেণ্ট ) বুলি কলে আমাৰ বহুতেই দুৰৰপৰাই আঁতৰিব খোজে সাধাৰণ ভাষাত “কামোৰ” কামোৰ বুলিয়েই হওক বা ঘৰে ঘৰে গৈ পলিচী বুজাব লাগিব বুলিয়ে হওক কামটোৰ বাবে অসমীয়া নিবনুৱাসকল আগবাঢ়ি আহিবলৈ ইচ্ছা নকৰে কিন্তু এই কামোৰ ব্যক্তিসকলে যিমান উপাৰ্জন কৰে সেয়া বহুটো উচ্চ পদবীৰ চাকৰিৰ দ্বাৰাও নিকা পথেৰে উপাৰ্জন কৰাটো সম্ভৱ নহয়

যোৱা ছয় বছৰত বহু অভিকৰ্তাৰ সংস্পৰ্শলৈ আহিলো অসমীয়াৰ তুলনাত অনা অসমীয়াৰ সংখ্যা বেছি অসমীয়া সকলৰ হাতত অজুহাতৰ সীমা নাই সময়ৰ অভাৱ, ঘৰৰ কাম, বেলগ স্থায়ী চাকৰিৰ সন্ধান ইত্যাদি ইত্যাদি   যিকেইজনৰ ব্যৱসায় ভাল তেওঁলোকৰ আকৌ হাতত অফুৰন্ত সময় কিন্তু নিবনুৱা এজনৰ কেনেকৈ সদায় সময়ৰ অভাৱ হয় সেয়া আজিও দুৰ্বোধ্য হৈ আছে