সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Wednesday 21 July 2021

কণী যুঁজৰ আনন্দ

 কণী যুঁজৰ আনন্দ


প্ৰায় 1987-88 চন মানৰ কথা । মই তেতিয়া এল পি স্কুলত । সেই সময়ত আমাৰ গাওঁত চ’তৰ আৰম্ভণীৰ পৰাই হাঁহ আৰু কুকুৰাৰ কণী যুঁজ আৰম্ভ হৈ গৈছিল ।  আমি সৰুবোৰে নোপোৱা নুপুই মানে মিছা-মিছি যুঁজ খেলিছিলো আৰু ডাঙৰবোৰে পোৱা-পুই মানে সচাঁ-সচি কণী যুঁজাইছিল । আমিবোৰে যুঁজত হাৰিলেও হাতৰ কণীতো জিকা জনক দি দিব নালাগিছিল । অৱশ্যে বিহুৰ ওচৰ চাপি অহাৰ লগে লগে আমিও সঁচা-সঁচি যুজ কৰিবলৈ এৰা নাছিলো । হাৰিলে দিনতোলৈ মনতো  বেয়া লাগি থাকে । জিকিলে ঘৰলৈ গৈ পোনে পোনে মাৰ হাতত দিওগৈ । ভাত খাবৰ সময়ত বীৰত্ব জাহিৰ কৰিবলৈকে দুগৰাহমান বেছিকৈ খাওঁ ।

বৰদেউতাৰ লৰা সৰুকাইদেউ আছিল কণী যুঁজত ওস্তাদ । কণী দেখিলেই কব পাৰে কোনটো কণী টান  (আমাৰ ভাষাত, অৰ্থাত্ খোলা কঠিন)  আৰু কোনটো ঢিলা । দাঁতত টুকুৰিয়াই চাবলৈ পালেতো কথাই নাই । গতিকে তেওঁৰ লগত কণী যুঁজাবলৈ সকলোৱে ভয় কৰে । চ্’ত মাহ সোমোৱাৰ লগে লগে তেওঁ ওচৰৰে চামগুৰিৰ বায়েকৰ ঘৰৰ পৰা বাচি বাচি টান হাঁহৰ কণী লৈ আনে আৰু গাওঁত সকলোৰে সন্মুখত পৰাক্ৰম দেখুৱাই । বিহুৰ আগৰ কেইদিন তেওঁৰ হাতত সদায় চাৰি পাঁচটা কণী থাকেই । অৱশ্যে তাৰে দুটামান টান্, বায়েকৰ ঘৰৰ পৰা অনা আৰু বাকীকেইটা ফুচুৰি মানে একেবাৰে ঢিলা । প্ৰথমতে ফুচুৰি এটাৰে আৰম্ভ কৰি বিপক্ষক জিকাই লয় যাতে বিপক্ষই ভাবে যে তেওঁৰ হাতত বৰ এটা টান কণী নাই আৰু পাচত ব্ৰহ্মাস্ত্ৰ কেইপাত উলিয়াই ইজনৰ হাতৰ আটাইকেইটা কণী জিকি আনে। গৰু বিহুৰ দিনা ৰাতিপূৱা গৰু গা ধুৱাই হোৱাৰ পাছতে নিজে গা ধুই উঠি পুৰণি লংপেণ্ট কাটি বনোৱা মোনা এখনত দহ পোন্ধৰটামান কণী লৈ ওলাই আহে যুঁজলৈ বুলি । লগত মোক লৈ যায় । মইও বিহুৰ কাপোৰযোৰ পিন্ধি উলাই যাওঁ । সৰুকাইদেউৱে  মোৰ হাতত কণী এটা দি কয় “ লগৰকেইতাৰ লগতহে যুঁজাবি, ডাঙৰবোৰৰ লগত নুয়ুঁজাবি “ । ময়ো বীৰদৰ্পে কণী যুঁজাই থকা লগৰকেইটাৰ মাজত সোমাই পৰো । কোনোবাই যুঁজাব খুজিলেই বহ বুলি কৈ চিধাই যুজাই দিও । কাকো দাতত টিকাই চাবলৈ নিদিও । প্ৰায়েই জিকো । তেনেকৈ জিকা কণীবোৰ আমাৰ দুটাৰ মাজত সমানে ভাগ হয় । কাৰণ কণীৰ মালিক তেওঁহে । অৱশ্যে কেতিয়াবা হাৰিবও লগীয়া হয় । হাৰিলে ঘুৰি অহাৰ সময়ত ককাইদেৱে নিজে জিকি অনা কণী দুটামান হাতত দি পঠাই ।

এবাৰ বিহুত সৰুকাইদেৱে মোৰ হাতত এটা সৈয়া কণী দি কলে “চবৰে লগত এফালৰ পৰা যুঁজাই যাবি, আজি তোক কোনেও হৰুৱাব নোৱাৰে” । ময়ো সেইদৰে প্ৰথমতে লগৰ কেইটাৰ পৰা আৰম্ভ কৰি ডাঙৰবোৰৰ মাজত সোমালোগৈ । মোৰ হাতৰ সৈয়া কণীৰ লগত কোনোৱে টিকিব পৰা নাই । প্ৰায় ত্ৰিশটা মান কণী জিকিলো । এজনে আকৌ জেদত লাগি দহটামান কণী লৈ চেষ্টা কৰিলে । নাই মোৰ হাতৰ ব্ৰহ্মাস্ত্ৰ অলৰ অচৰ । আটাইকেইটা জিকিলো । অৱশেষত তেওঁ হাৰ মানি চাওচোন তই এইটো ক’ৰ পৰা আনিলি বুলি মোৰ হাতৰ পৰা কণীটো লৈ দাতত টিকাই চালে আৰু লগে লগে চিঞৰিলে “ ঐ ইয়াৰ হাতত এইটো সৈয়া কণী ,কোনেও নোৱাৰ এইটো ভাঙিব, মোৰ চীনাহাঁহৰ কণীকেইটাকে ভাঙি নিলে ই” । সেইদিনা আৰু মোৰ লগত কোনও যুঁজাবলৈ সাহস নকৰিলে ।

পাচৰ বছৰবোৰত লাহে লাহে নিজেও কণী টান-ঢিলা চাব পৰা হৈ উঠিলো । অৱশ্যে আমি হাইস্কুলত পঢ়ি থকা সময়লৈ হাঁহ কুকুৰাৰ কণী গাওঁত পাবলৈ নোহোৱা হৈ আহিল আৰু কণী যুঁজত ফাৰ্মৰ কণী ব্যৱহাৰ হবলৈ ললে । ফাৰ্মৰ কণী যুঁজত আকৌ টান ঢিলা চাবলৈ নাই চিধাই প্লেটৰ পৰা উঠাই যুঁজাব লাগে । আগৰ আমেজ নোহোৱা হৈ আহিল । কলেজত পঢ়ি থকালৈকে ফাৰ্মৰ কণী হলেও যুঁজাবলৈ পাইছিলো কিন্তু যোৱা পাঁচ বছৰ মানৰ পৰা কণী যুঁজ একেবাৰে নোহোৱা হৈ পৰিল । সিদিনা ঘৰলৈ যাওতে দেখিলো মায়ে খৰহি এটাত ঘৰৰ হাঁহৰ কণী থৈ দিছে । ভতিজাটোককাষত বহুৱাই দেখুৱালো কেনেকৈ টান ঢিলা কনী বাচিব লাগে । সি বৰ আমেজ পালে । কিন্তু কি হ’ব যুঁজাবলৈ আগৰ সেই পৰিবেশ গাওঁতো নোহোৱা হ’ল । ঘৰতে ভতিজা কেইটাৰ লগত নিয়মটো কৰিব লাগিব ।