সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Wednesday 16 May 2012

মেৰবিল

                                                                             মেৰবিল



             মেৰবিল !!!! ঘৰৰ পৰা মাত্ৰ আঢ়ৈ মাইল দুৰত এই বিলখন । সৰুৰেপৰা দেখি আহিছো বাবেই নে কি নাজানো কোনোদিনে এই বিলখন ওচৰৰ পৰা ভালকৈ চোৱা নহ'ল । কেৱল শুনিছিলো যে কোনোবা গোঁসাইৰ জীয়ৰীক জলকোঁৱৰে সপোনত বিয়া কৰাবলৈ খুজিছিল । গোঁসায়ে নিদিয়াত জলকোঁৱৰে ৰাতিটোৰ ভিতৰতে গোঁসাইৰ সত্ৰখন পানীৰে চৌদিশ ঘেৰি পেলালে আৰু ফলত  সৃষ্টি হ'ল এই বিলখনৰ । পাচত গোঁসায়ে জীয়ৰীক জলকোঁৱৰলৈ বিয়া দি সত্ৰৰ সকলোবোৰ লোককে ৰক্ষা কৰিছিল । এয়া আমি শুনা প্ৰবাদ মাত্ৰ ।
          ডিব্ৰুগড় জিলাৰ চাচনী মৌজাত অৱস্থিত এই মেৰবিলখন বুঢ়ীদিহিংৰ এটা এৰাসুঁতি বুলি কব পাৰি । মাজত প্ৰায় 4.3 বৰ্গকিলোমিটাৰৰ ভূভাগক প্ৰায় 7.2 বৰ্গকিলোমিটাৰ পানীভাগে আগুৰি সৃষ্টি কৰিছে এই মেৰবিলৰ । পানীভাগৰ ওপৰত বহুতো দোপ ওপঙি আছে যিবোৰে বতাহত চলাচল কৰি থাকে ।  মাজৰ মাটিভাগৰ বেছিভাগেই অটব্য অৰণ্য যি ছাগলী পহুকে মূখ্য কৰি বহুতো বনৰীয়া জন্তুৰ বাসস্থান ।
            মেৰবিলৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে ঘাইকৈ বিভিন্ন দেশীয় চৰাই আৰু শীতকালত চৰিবলৈ অহা বিভিন্ন পৰিভ্ৰমী চৰাইয়ে । জাক জাক বগলী, কামচৰাই আৰু শৰালি হাঁহ একেলগে চৰি থকা দৃশ্য সঁচাকৈ বৰ মনোমোহা । তদুপৰি সন্ধিয়া সময়ত বাহলৈ উভতা পক্ষীৰ কলৰৱ আৰু জাক জাক চৰাই উৰি যোৱা দৃশ্য অতিশয় মোহনীয় । মেৰবিলখন শাল, শ'ল, মাগুৰ, শিঙি, কাৱৈ, কান্দুলি, ৰৌ, বাহু, মোৱা আদি বিভিন্ন মাছেৰে ভৰপূৰ । তদুপৰি বৃহৎ বৃহৎ কাছৰ কথা নকলোৱেইবা । এককথাত কবলৈ হলে বিভিন্ন জলচৰ আৰু স্থলচৰ প্ৰাণী একেলগে পোৱা যায় এই সৰু অঞ্চলটোত ।

            সৌ সিদিনালৈকে বিলৰ কাষৰীয়া লোকসকলে বিলত অবাধ গতিত মাছ কাচ ধৰি বিক্ৰী কৰিছিল আৰু মাজৰ স্থলভাগৰ মাতি দখল কৰি খেতি কৰিবলৈ আৰম্ভ কৰিছিল । শীত কালত চৰিবলৈ অহা পৰিভ্ৰমী চৰাইবোৰ ধৰি ধৰি খাইছিল । অৱশ্যে কেইজনমান স্থানীয় প্ৰকৃতিপ্ৰেমী লোকৰ চেষ্টাত এই কাৰ্য্য বৰ্তমান বন্ধ হৈছে আৰু এই মেৰবিলখনকে লৈ গঠন হৈছে "মেৰবিল ইক্' টুৰিজিম প্ৰজেক্ট" ।


                                                       শাল মাছৰ পোণা

2 comments:

  1. আৰম্ভ কৰিছে, এৰি নিদিব.. পঢ়িবলৈ আহি থাকিম | ধুনীয়াকৈ আৰম্ভনী কৰিছে, আগলৈকো এনেকুৱা লেখা আৰু ফটো পাই থাকিম বুলি আশা কৰিলো |

    ReplyDelete