সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Sunday, 29 July 2012

সাক্ষাতকাৰ

নৰেন কলিতা, এম.এ. আছামিচ আমাতকৈ চাৰিবছৰমান ডাঙৰ, গতিকে আমাৰ বাবে কলিতাদা, মাতো পিছে ককাই বুলিহে বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰথম চিনাকী, আমাৰ ফ্লৰতে আছিল গতিকে মাজে মধ্যে হোষ্টেললৈ আহি আমাক অলপ সকীয়াই থৈ যায়হি পঢ়িবলৈ, লগতে নিজৰ হোষ্টেল জীৱনৰ ৰসাল কাহিনীবোৰো শুনায় আমিও আদ্দা দিবলৈ ভাল পাওঁ তেখেতৰ লগত অলপ খোনা খোনাকৈ লেকচাৰ মাৰি আদ্দা জমাই তোলে কথাৰ মাজে মাজে বিভিন্ন কবিতাৰ পংক্তি প্ৰায়বোৰ বিখ্যাত অসমীয়া কবিতাই কলিতাদাৰ মুখস্ত
এদিন কলিতাদাই ফ্লৰলৈ আহি চিঞৰ বাখৰ লগাই দিলে “কোন কোন আছ ওলাই আহ, ককায়েৰে ছিলভাৰ জুবিলী পাতি আহিছে আজি পাৰ্টি হব আমি সকলোৱে তেখেতক আগুৰি ধৰি হোষ্টেলৰ পৰম্পৰা অনুসৰি পানী দুবাল্টিমান ঢালি আদৰণি জনালো পাৰ্টিৰ আয়োজনৰ সমান্তৰালকৈ আমাৰ আদ্দাও আৰম্ভ হ আদ্দাত গম পালো তেখেতে কলেজ এখনত সাক্ষাতকাৰ দি আহিছে, প্ৰবক্তা পদৰ বাবে, এয়া তেখেতৰ চাকৰি কিচাৰি 25 তম সাক্ষতকাৰ সুধিলো কেনেকুৱা হ, কি কি সুধিছিলে তেওঁৰ নকয় বেছিকৈ জোৰ কৰি সোধাত কলে, “কি সুধিব, চব ফিটিং হৈ আছে, কোনো চিৰিয়াছ ইণ্টাৰভিউ হোৱা নাই, যত চব মেনিপুলচন কাৰবাৰ ”
 তথাপিতো কওকচোন কি সুধিছে বুলি কোৱাত প্ৰথমৰ পৰা আৰম্ভ কৰিলে, “জানোৱেই নাপাও বুলি, সোমায়েই মাথা গৰম, চেয়াৰমেন গৰাকীক তিনিবাৰ ইণ্টাৰভিউ দিছো চিধা গৈ বহি দিলো আৰু কলো -বহি দিলো বাইদেও দেই.... কাষতে থকা এজনে কলে “বহক বহক”
চেয়াৰমেনে গহীণ হৈ সুধিলে- “আপোনাৰ নাম” ?
আমাৰ ককাইৰ ডাইৰেক্ট উত্তৰ - “ ফা-ফাইলত লিখা আছে” (প্ৰাৰ্থীৰ লিষ্টখন আগত লৈ আকৌ নামটোহে পাইছে শুধিবলৈ )
চেয়াৰমেনে তৎভট খাই আকৌ সুধিলে – “ আপুনি... অসমীয়াত ফাৰ্ষ্টক্লাচ” ?
এটি সুন্দৰ প্ৰশ্ন, গতিকে একেবাৰে পোনপটীয়া উত্তৰ - “সেইটোতো হয়েই” ( মাৰ্কছিট সন্মুখত পৰি আছে, দেখিছেই ফাৰ্ষ্টক্লাছ, ইয়াত সুধিবলগীয়া কিতো আছে )
চেয়াৰমেন-“বাৰু কলিতা, আপুনিটো বহুত কবিতা পঢ়িছে” ?
প্ৰশ্নটো সুধি থাকোতেই কলিতাদাৰ উত্তৰ- “সেইটো কিবা প্ৰশ্ন হল নে ?” ( হয়টো, ইমান প্ৰস্তুতি কৰি আহিছে সাক্ষাতকাৰলৈ অথচ সুধিছে কবিতা পঢ়িছে নে নাই )
চেয়াৰমেনো এৰি দিয়া ভকত নহয়, সুধিলে – “ঠিক আছে মি. কলিতা, আপুনিতো বহুত কবিতা পঢ়িছে...বাৰু কওকচোন কোন কবিৰ কবিতা আপোনাৰ আটাইতকৈ প্ৰিয়” 
কলিতাদাই অলপ গহীন হৈ কলে –“ কবিতা....যত চব ফাল্টু কবিতা”
সন্মুখত বহি থকাকেইজনটো সাহিত্যিক মানুহ, চেণ্টিমেণ্টত লাগি গৈছে এজনে সুধিলে... “কবিতা ফাল্টু ?????
কলিতাদাই কলে – “ নহয়নো কি ??”
চেয়াৰমেনৰ কাষত বহি থাকাজনে লাহেকৈ সুধিলে – “ তুমি তেনেকৈ কলা ? কবিতাৰ এনেই সৃষ্টি হয়নে ??”
কলিতাদাৰ বেপেৰুৱা, উত্তৰ দিলে – “ সেইটোৰ লগত মোৰ কোনো লেনা-দেনা নাই, মুঠতে কবিবিলাক চব ফাল্টু, কবিতাবোৰ আৰু ফাল্টু”
কবিসত্বাত আঘাট......সহ্য নহয় কোনো কবিৰ ....জাঙুৰ খাই উঠিল চেয়াৰমেন, চেণ্টিমেণ্টত লাগি যথেষ্ট উষ্মাৰে সুধিলে – “কিয় ??? কিয় তুমি তেনেকৈ কলা ?
কলিতাদা গহীন.....লাহেকৈ আৰম্ভ কৰিলে – “ এ-এই ধৰক....পুৰণি কবিতাবিলাকত পালো.... অথিৰ ধন-জন জীৱন যৌৱন..... ধৰি ললো.... অথিৰ........ধৰি ললো এতিয়া কবিয়ে কি কৈছে ….”দিয়া প্ৰিয়তম, প্ৰাণৰ পিয়লা....জীৱন মদিৰা ভৰাই দিয়া….কাইলৈ কিয় আজিয়েই দিয়া আপুনি কওক, আপুনি কওক বাইদেও কোনটো ধৰিব আপুনি....অথিৰ ধন জন নে.... পিয়লা খন ধৰিব আপুনি ? কোনটো ধৰিব ?
চেয়াৰমেন হতভম্ভ ..... বাহ কি বিশ্লেষণ...লগে লগে কলিতাদাই লাহেকৈ কলে – “বাইদেউ ফাল্টু কবি   নহয় নেকি ?”
“ঠিক আছে ঠিক আছে.... আপুনি.... এইবিলাক পাহৰকচোন এতিয়াবেলেগ প্ৰসংগলৈ আহো ”- চেয়াৰমেনৰ কাষত বহাজনে চশমাখন খুলি লৈ কলে
লগে লগে কলিতাদাই উভতি ধৰিলে – “আকৌ আপুনি ফাল্টু কথা কৈ দিলে.... কেনেকৈ পাহৰিব হে কেনেকৈ পাহৰিব.....এই তাহানি কবিয়ে কৈছে “অতীতক নাযাবা পাহৰি...” এতিয়া আকৌ কবিয়ে কি কৈছে “অতীতক যোৱাহে পাহৰি” কোনটো  ধৰিব আপুনি বাইদেউ কো-কোনটো ধৰিব....কবি ফাল্টু নহয় নেকি ?”
চেয়াৰমেনৰ মুখৰ মাত সৰিল,  লাহেকৈ কলে – “বাৰু ঠিক আছে.....আপোনাৰ কবিতাৰ ওপৰত দখল আছে কি আছে আমি বুজিলো, আপোনাক এতিয়া আমি ইণ্টেলিজেন্স মানে বুদ্ধিমত্তাৰ অলপ পৰীক্ষা  লওঁ, কাৰণ ক্লাচৰূমত আপোনাৰ প্ৰেজেন্স অৱ মাইণ্ড অলপ লাগিবতো বৰুৱা আপুনি আৰম্ভ কৰক
আমাৰ কলিতাদা নিৰ্বিকাৰ হৈ বহি আছে আজি শেনৰ এজাত, চাকৰিটো নাপায়েই যেতিয়া আজি প্ৰতিটো প্ৰশ্নতে চেলেঞ্জ কৰিবই বৰুৱা বোলাগৰাকীয়ে আৰম্ভ কৰিলে- “ আপোনাৰ ঘৰ ?
কলিতাদাই অলপ সময় ভালদৰে চিন্তা কৰি সুধিলে- “ মোৰ........ মানে দেউতাৰ ঘৰ ? তিনিচুকীয়াত ” 
পুনৰ একেজনে প্ৰশ্ন এৰিলে, - “ এই ধৰক আপুনি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ট্ৰেইনেৰে আহিব্, কিমান সময় লাগিব বাৰু  ট্ৰেইনেৰে আহিলে ?
কলিতাদাই অলপ সময় মনে মনে থাকি মাত লগালে - “ হেঃ হেঃ হেঃ বাইদেউ দেখিলেনে প্ৰশ্নৰ মাজত প্ৰশ্ন ৰাখি গল .....মই তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিম....পিচে কোনখন ট্ৰেইনত ? ৰাজধানীত আহিমনে, ব্ৰহ্মপুত্ৰত আহিম...নে ইণ্টাৰচিটিত আহিম নে সেই মালগাড়ীত বিনা ভাড়াত আহিম প্ৰথমতে এই প্ৰশ্নটোৰ উত্তৰ মোক দিয়ক পেচেঞ্জাৰত আহিমনেকি ?
চেয়াৰমেনে কথা বিষম দেখি হস্তক্ষেপ কৰিলে, “ অ....হয়, এই প্ৰশ্নটো অলপ খেলিমেলি হৈছে ঠিক আছে বাৰু এইবিলাক তুমি এৰি দিয়া পিছে মি. কলিতা আমি অনুভৱ কৰিছো যে আপুনি উত্তৰবোৰ বৰ এটা সদিচ্ছাৰে দিয়া নাই, তুমি ভদ্ৰামিটো ৰাখিব নাজানিলা এনেকৈ উত্তৰদিলে কি হব পাৰে বুলি ভাবিছে বাৰু আপুনি ?
এইবাৰ আমাৰ কলিতাদা উৎফুল্লিত হৈ উঠিল উত্তৰবোৰ গাত লাগিছে মানে এইবাৰ শেষ উত্তৰ দিলে কলিতাদাই, “ বাইদেউ ভয় নেদেখুৱাব, ইণ্টাৰভিউ দি দি কলিজা ডাঠ হৈ গৈছে
চেয়াৰমেনে দেখিলে যে এইজন সহজে হাৰ মনা ভকত নহয় গতিকে বিদায় দিয়াই ভাল হব বুলি ভাবি সিমানতে সাক্ষাতকাৰ সামৰিলে কলিতাদাও “আজি ভালকৈ দিলো” এনে মনোভাবেৰে আহি আমাৰ হোষ্টেল পালেহি আমাৰো এসাজ ভালকৈ খোৱাৰ যোগাৰ হ পিছে ককাইয়ে চাকৰিটো পালেনে নাই সেইটোহে খবৰ নাপালো

Monday, 9 July 2012


ডাক্তৰ – ডাক্তৰ
১৯৮৯ চন প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণী সৰুছাৰৰ পুতেকে স্কুললৈ আহিয়েই কলেহি যে সেইদিনাখন আমাক কলেৰা বেজী দিবলৈ ডাক্তৰ আহিব কথাটো শুনাৰ লগে লগে লগৰ দুটামানে কিতাপ ফলি লৈ ভিৰাই ঘৰলৈ দৌৰ দিলে আমি ভয়পাদুৰা ভয়পাদুৰা বুলি চিঞৰি চিঞৰি সিহঁতক জোকাবলৈ ধৰিলো মোৰো বুকুখন কঁপিছিল কিন্তু পলাবলৈ সাহস নহল পানীখোৱা ছুটিৰ সময়ত চাইকেলৰ কেৰিয়াৰত চামৰাৰ কলা বেগ এটা বান্ধি লৈ ডাক্টৰ হাজিৰ আমি কোৱাকুই কৰিবলৈ ধৰিলো, “এইজনেই ডাক্তৰ আমাক এতিয়া বেজী দিব” সৰুছাৰে স্কুলৰ ওচৰৰ মানুহঘৰৰ পৰা কেটলী এটাত গৰম পানী আৰু এটা মগ লৈ আহিল ডাক্তৰজনে বেগৰ পৰা সৰু বাকচ এটা উলিয়ালে আৰু সেইটোৰ পৰা ছিৰিঞ্জ এটা উলিয়াই লৈ তাত বেজী এটা লগাই ললে আৰু মগত অলপ গৰম পানী লৈ ছিৰিঞ্জটোত পানী ভৰালে তাৰ পাচত বিশেষ কায়দাৰে বেজীটো ওপৰমুৱা কৰি পানীখিনি ফিচকাৰী মাৰি ওপৰলৈ মাৰি পঠিয়ালে আমি ভয়ে ভয়ে চাই থাকোতেই সৰুছাৰে কলে “ চবেই আজি বেজী লব লাগিব, এতিয়া যিয়ে প্ৰথমতে লবহি তাক এটা মৰ্টন দিম মোৰ ফালৰ পৰা” এইবুলি এটা মৰ্টন জেপৰ পৰা উলিয়াই টেবুলত থলে কোনো আগবাঢ়ি নগ সৰুছাৰে এইবাৰ আলমাৰিটোৰ ওপৰত থোৱা বেতদাল ওলিয়াই ললে ভাবিলো বেত খাই বেজী লোৱাতকৈ মৰ্টনটো খোৱাই ভাল হব এনেয়েওটো বেজী লবই লাগিব বুলি অগুৱাই গৈ হাতখন পাতি দিলো ডাক্তৰজনে সৰু বটল এটাৰ মুখত বেজীটো লগাই লৈ ছিৰিঞ্জটোত দৰৱ ভৰাই ললে তাৰ পাছত গৰম পানীত কপাহ তিয়াই মোৰ বাওঁহাতৰ বাউসীতো মোহাৰি ললে মই কান্দিমেই নে হাঁহিম কৰি বেজীৰ খোঁচটো মৰালৈকে চাই থাকিলো এজনী আমৰলি পৰুৱাই কামোৰাৰ সমান বিষ হ বেজী দিয়া ঠাইদোখৰ কপাহেৰে মোহাৰি মোহাৰি বীৰদৰ্পে টেবুলত থোৱা মৰ্টনটো লৈ নিজৰ ঠাইত বহি বাকীবোৰক বেজী দিয়া চাই থাকিলো কিছুমানে কান্দিলে আৰু কিছুমানে একেবাৰে নিবিষালে বুলি কৈ বাকীবোৰক চাই থাকিল  

বেজীৰ বিষে গধুলিহে পৰাক্ৰম দেখুৱাবলৈ ধৰিলে   হাতখন ডাঙিব নোৱাৰা হলো,ৰবাত লাগিলেই গেজেককৈ বিষাই পিছদিনাখন জ্বৰীয়া গাৰেই স্কুললৈ গলো উদ্দেশ্য এটাই, আমাৰ ভয়পদুৰা পলৰীয়া কেইটাক ডাঙৰচাৰে কি শাস্তি দিয়ে পিচে শাস্তি দেখি সন্তোষ নাপালো কাৰণ গোটেইকেইটাক শাৰী পাতি থিয় কৰাই মাত্ৰ দুবেত দুবেত দিয়েই শাস্তি সামৰিলে আমি অংক নোৱাৰিলে আকৌ পাঁচ বেত দিছিল ভয়পাদুৰা এটাই ওচৰলৈ আহি কলেহি “ খোঁচটো খুৱাতকৈ দুবেত লোৱাই ভাল, দেখিলি” মনতে সংকল্প ললো আজিৰ পৰা আৰু বেজী নলওঁ

চতুৰ্থ শ্ৰেণী সৰুছাৰে পদ্য মুখস্ত লৈ আছে হঠাতে দেখিলো ডাক্টৰ আহিছে চাইকেলৰ কেৰিয়াৰত কলা বেগটো আমাৰ মুখবোৰ আতংকিত হৈ পৰিল সৰুছাৰে ডাক্টৰক আগবঢ়াই আনিবলৈ বুলি বাহিৰলৈ ওলাইছেহে, সুবিধা বুজি আমাৰ ভয়পাদুৰা বহিনী খিড়ীকিৰে জপিয়াই ওচৰৰ এৰাবাৰীখনৰ ফালে দৌৰ দিলে এইবাৰ লগত ময়ো এৰাবাৰীৰ ডাঠ হাবিৰ মাজে মাজে গৈ হাফলু এটাৰ আঁৰত লুকাই আটাইকেইটাই ফোঁপাই জোপাই পিছলৈ চালো নাই, সৰুছাৰে পাছে পাছে নেখেদিলে এতিয়া ডাক্টৰ নোযোৱালৈকে এৰাবাৰীতে লুকাই থকাই ভাল হব ঘৰলৈ যাবলৈ আকৌ স্কুলৰ আগেদিয়েই যাব লাগিব গতিকে হাঁফলুৰ ওপৰতে কিতাপবোৰ থৈ আটাইকেইটা বনপিঠা গছৰ তল পালোগৈ আৰু বনপিঠা খায়েই সময়বোৰ পাৰ কৰিলো পিছদিনাখন স্কুললৈ গৈহে গম পালো যে ডাক্টৰে বেজী দিবলৈ অহাই নাছিল সকলোকে পিল খুৱাই থৈহে গ। তাৰমানে আমি ৰামঠগন খালো ।

ডাঙৰ চাৰৰ ওচৰত দুবেত লবলৈ হাতখন পাতি দি মনে মনে ভাবিলো “ বনপিঠা মিঠা, পিলবোৰহে তিতা”