সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Monday, 9 July 2012


ডাক্তৰ – ডাক্তৰ
১৯৮৯ চন । প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণী । সৰুছাৰৰ পুতেকে স্কুললৈ আহিয়েই কলেহি যে সেইদিনাখন আমাক কলেৰা বেজী দিবলৈ ডাক্তৰ আহিব । কথাটো শুনাৰ লগে লগে লগৰ দুটামানে কিতাপ ফলি লৈ ভিৰাই ঘৰলৈ দৌৰ দিলে । আমি ভয়পাদুৰা ভয়পাদুৰা বুলি চিঞৰি চিঞৰি সিহঁতক জোকাবলৈ ধৰিলো । মোৰো বুকুখন কঁপিছিল কিন্তু পলাবলৈ সাহস ন’হল । পানীখোৱা ছুটিৰ সময়ত চাইকেলৰ কেৰিয়াৰত চামৰাৰ কলা বেগ এটা বান্ধি লৈ ডাক্টৰ হাজিৰ । আমি কোৱাকুই কৰিবলৈ ধৰিলো, “এইজনেই ডাক্তৰ । আমাক এতিয়া বেজী দিব” । সৰুছাৰে স্কুলৰ ওচৰৰ মানুহঘৰৰ পৰা কেটলী এটাত গৰম পানী আৰু এটা মগ লৈ আহিল । ডাক্তৰজনে বেগৰ পৰা সৰু বাকচ এটা উলিয়ালে আৰু সেইটোৰ পৰা ছিৰিঞ্জ এটা উলিয়াই লৈ তাত বেজী এটা লগাই ললে আৰু মগত অলপ গৰম পানী লৈ ছিৰিঞ্জটোত পানী ভৰালে । তাৰ পাচত বিশেষ কায়দাৰে বেজীটো ওপৰমুৱা কৰি পানীখিনি ফিচকাৰী মাৰি ওপৰলৈ মাৰি পঠিয়ালে । আমি ভয়ে ভয়ে চাই থাকোতেই সৰুছাৰে কলে “ চবেই আজি বেজী লব লাগিব, এতিয়া যিয়ে প্ৰথমতে লবহি তাক এটা মৰ্টন দিম মোৰ ফালৰ পৰা” । এইবুলি এটা মৰ্টন জেপৰ পৰা উলিয়াই টেবুলত থলে । কোনো আগবাঢ়ি নগ’ল । সৰুছাৰে এইবাৰ আলমাৰিটোৰ ওপৰত থোৱা বেতদাল ওলিয়াই ললে । ভাবিলো বেত খাই বেজী লোৱাতকৈ মৰ্টনটো খোৱাই ভাল হব । এনেয়েওটো বেজী লবই লাগিব বুলি অগুৱাই গৈ হাতখন পাতি দিলো । ডাক্তৰজনে সৰু বটল এটাৰ মুখত বেজীটো লগাই লৈ ছিৰিঞ্জটোত দৰৱ ভৰাই ললে । তাৰ পাছত গৰম পানীত কপাহ তিয়াই মোৰ বাওঁহাতৰ বাউসীতো মোহাৰি ললে । মই কান্দিমেই নে হাঁহিম কৰি বেজীৰ খোঁচটো মৰালৈকে চাই থাকিলো । এজনী আমৰলি পৰুৱাই কামোৰাৰ সমান বিষ হ’ল । বেজী দিয়া ঠাইদোখৰ কপাহেৰে মোহাৰি মোহাৰি বীৰদৰ্পে টেবুলত থোৱা মৰ্টনটো লৈ নিজৰ ঠাইত বহি বাকীবোৰক বেজী দিয়া চাই থাকিলো । কিছুমানে কান্দিলে আৰু কিছুমানে একেবাৰে নিবিষালে বুলি কৈ বাকীবোৰক চাই থাকিল । 

বেজীৰ বিষে গধুলিহে পৰাক্ৰম দেখুৱাবলৈ ধৰিলে ।  হাতখন ডাঙিব নোৱাৰা হলো, ক’ৰবাত লাগিলেই গেজেককৈ বিষাই । পিছদিনাখন জ্বৰীয়া গাৰেই স্কুললৈ গ’লো । উদ্দেশ্য এটাই, আমাৰ ভয়পদুৰা পলৰীয়া কেইটাক ডাঙৰচাৰে কি শাস্তি দিয়ে । পিচে শাস্তি দেখি সন্তোষ নাপালো কাৰণ গোটেইকেইটাক শাৰী পাতি থিয় কৰাই মাত্ৰ দুবেত দুবেত দিয়েই শাস্তি সামৰিলে । আমি অংক নোৱাৰিলে আকৌ পাঁচ বেত দিছিল । ভয়পাদুৰা এটাই ওচৰলৈ আহি কলেহি “ খোঁচটো খুৱাতকৈ দুবেত লোৱাই ভাল, দেখিলি” । মনতে সংকল্প ললো আজিৰ পৰা আৰু বেজী নলওঁ ।

চতুৰ্থ শ্ৰেণী । সৰুছাৰে পদ্য মুখস্ত লৈ আছে । হঠাতে দেখিলো ডাক্টৰ আহিছে । চাইকেলৰ কেৰিয়াৰত কলা বেগটো । আমাৰ মুখবোৰ আতংকিত হৈ পৰিল । সৰুছাৰে ডাক্টৰক আগবঢ়াই আনিবলৈ বুলি বাহিৰলৈ ওলাইছেহে, সুবিধা বুজি আমাৰ ভয়পাদুৰা বহিনী খিড়ীকিৰে জপিয়াই ওচৰৰ এৰাবাৰীখনৰ ফালে দৌৰ দিলে । এইবাৰ লগত ময়ো । এৰাবাৰীৰ ডাঠ হাবিৰ মাজে মাজে গৈ হাফলু এটাৰ আঁৰত লুকাই আটাইকেইটাই ফোঁপাই জোপাই পিছলৈ চালো । নাই, সৰুছাৰে পাছে পাছে নেখেদিলে । এতিয়া ডাক্টৰ নোযোৱালৈকে এৰাবাৰীতে লুকাই থকাই ভাল হব । ঘৰলৈ যাবলৈ আকৌ স্কুলৰ আগেদিয়েই যাব লাগিব । গতিকে হাঁফলুৰ ওপৰতে কিতাপবোৰ থৈ আটাইকেইটা বনপিঠা গছৰ তল পালোগৈ আৰু বনপিঠা খায়েই সময়বোৰ পাৰ কৰিলো । পিছদিনাখন স্কুললৈ গৈহে গম পালো যে ডাক্টৰে বেজী দিবলৈ অহাই নাছিল । সকলোকে পিল খুৱাই থৈহে গ’ল । তাৰমানে আমি ৰামঠগন খালো ।

ডাঙৰ চাৰৰ ওচৰত দুবেত লবলৈ হাতখন পাতি দি মনে মনে ভাবিলো “ বনপিঠা মিঠা, পিলবোৰহে তিতা” ।

No comments:

Post a Comment