সুৰীয়া মোৰ গাওঁখনি মোৰ প্ৰেৰণা মোৰ সাহস

Sunday, 29 July 2012

সাক্ষাতকাৰ

নৰেন কলিতা, এম.এ. আছামিচ । আমাতকৈ চাৰিবছৰমান ডাঙৰ, গতিকে আমাৰ বাবে কলিতাদা, মাতো পিছে ককাই বুলিহে । বিশ্ববিদ্যালয়ৰ হোষ্টেলত প্ৰথম চিনাকী, আমাৰ ফ্লৰতে আছিল । গতিকে মাজে মধ্যে হোষ্টেললৈ আহি আমাক অলপ সকীয়াই থৈ যায়হি পঢ়িবলৈ, লগতে নিজৰ হোষ্টেল জীৱনৰ ৰসাল কাহিনীবোৰো শুনায় । আমিও আদ্দা দিবলৈ ভাল পাওঁ তেখেতৰ লগত । অলপ খোনা খোনাকৈ লেকচাৰ মাৰি আদ্দা জমাই তোলে । কথাৰ মাজে মাজে বিভিন্ন কবিতাৰ পংক্তি । প্ৰায়বোৰ বিখ্যাত অসমীয়া কবিতাই কলিতাদাৰ মুখস্ত ।
এদিন কলিতাদাই ফ্লৰলৈ আহি চিঞৰ বাখৰ লগাই দিলে “কোন কোন আছ ওলাই আহ, ককায়েৰে ছিলভাৰ জুবিলী পাতি আহিছে । আজি পাৰ্টি হব ।” আমি সকলোৱে তেখেতক আগুৰি ধৰি হোষ্টেলৰ পৰম্পৰা অনুসৰি পানী দুবাল্টিমান ঢালি আদৰণি জনালো । পাৰ্টিৰ আয়োজনৰ সমান্তৰালকৈ আমাৰ আদ্দাও আৰম্ভ হ’ল । আদ্দাত গম পালো তেখেতে কলেজ এখনত সাক্ষাতকাৰ দি আহিছে, প্ৰবক্তা পদৰ বাবে, এয়া তেখেতৰ চাকৰি কিচাৰি 25 তম সাক্ষতকাৰ । সুধিলো কেনেকুৱা হ’ল, কি কি সুধিছিলে । তেওঁৰ নকয় । বেছিকৈ জোৰ কৰি সোধাত কলে, “কি সুধিব, চব ফিটিং হৈ আছে, কোনো চিৰিয়াছ ইণ্টাৰভিউ হোৱা নাই, যত চব মেনিপুলচন কাৰবাৰ ” ।
 তথাপিতো কওকচোন কি সুধিছে বুলি কোৱাত প্ৰথমৰ পৰা আৰম্ভ কৰিলে, “জানোৱেই নাপাও বুলি, সোমায়েই মাথা গৰম, চেয়াৰমেন গৰাকীক তিনিবাৰ ইণ্টাৰভিউ দিছো । চিধা গৈ বহি দিলো আৰু কলো -বহি দিলো বাইদেও দেই....। কাষতে থকা এজনে কলে “বহক বহক” ।
চেয়াৰমেনে গহীণ হৈ সুধিলে- “আপোনাৰ নাম” ?
আমাৰ ককাইৰ ডাইৰেক্ট উত্তৰ - “ ফা-ফাইলত লিখা আছে” । (প্ৰাৰ্থীৰ লিষ্টখন আগত লৈ আকৌ নামটোহে পাইছে শুধিবলৈ ।)
চেয়াৰমেনে তৎভট খাই আকৌ সুধিলে – “ আপুনি... অসমীয়াত ফাৰ্ষ্টক্লাচ” ?
এটি সুন্দৰ প্ৰশ্ন, গতিকে একেবাৰে পোনপটীয়া উত্তৰ - “সেইটোতো হয়েই” । ( মাৰ্কছিট সন্মুখত পৰি আছে, দেখিছেই ফাৰ্ষ্টক্লাছ, ইয়াত সুধিবলগীয়া কিতো আছে )
চেয়াৰমেন-“বাৰু কলিতা, আপুনিটো বহুত কবিতা পঢ়িছে” ?
প্ৰশ্নটো সুধি থাকোতেই কলিতাদাৰ উত্তৰ- “সেইটো কিবা প্ৰশ্ন হ’ল নে ?” ( হয়টো, ইমান প্ৰস্তুতি কৰি আহিছে সাক্ষাতকাৰলৈ অথচ সুধিছে কবিতা পঢ়িছে নে নাই )
চেয়াৰমেনো এৰি দিয়া ভকত নহয়, সুধিলে – “ঠিক আছে মি. কলিতা, আপুনিতো বহুত কবিতা পঢ়িছে...বাৰু কওকচোন কোন কবিৰ কবিতা আপোনাৰ আটাইতকৈ প্ৰিয়”  ।
কলিতাদাই অলপ গহীন হৈ কলে –“ কবিতা....যত চব ফাল্টু কবিতা” ।
সন্মুখত বহি থকাকেইজনটো সাহিত্যিক মানুহ, চেণ্টিমেণ্টত লাগি গৈছে । এজনে সুধিলে... “কবিতা ফাল্টু ?????”
কলিতাদাই কলে – “ নহয়নো কি ??”
চেয়াৰমেনৰ কাষত বহি থাকাজনে লাহেকৈ সুধিলে – “ তুমি তেনেকৈ ক’লা ? কবিতাৰ এনেই সৃষ্টি হয়নে ??”
কলিতাদাৰ বেপেৰুৱা, উত্তৰ দিলে – “ সেইটোৰ লগত মোৰ কোনো লেনা-দেনা নাই, মুঠতে কবিবিলাক চব ফাল্টু, কবিতাবোৰ আৰু ফাল্টু” ।
কবিসত্বাত আঘাট......সহ্য নহয় কোনো কবিৰ ....জাঙুৰ খাই উঠিল চেয়াৰমেন, চেণ্টিমেণ্টত লাগি যথেষ্ট উষ্মাৰে সুধিলে – “কিয় ??? কিয় তুমি তেনেকৈ কলা ?”
কলিতাদা গহীন.....লাহেকৈ আৰম্ভ কৰিলে – “ এ-এই ধৰক....পুৰণি কবিতাবিলাকত পালো.... ‘অথিৰ ধন-জন জীৱন যৌৱন.....’ ধৰি ললো.... ‘অথিৰ....’....ধৰি ললো । এতিয়া কবিয়ে কি কৈছে ….”দিয়া প্ৰিয়তম, প্ৰাণৰ পিয়লা....জীৱন মদিৰা ভৰাই দিয়া….কাইলৈ কিয় আজিয়েই দিয়া’ । আপুনি কওক, আপুনি কওক বাইদেও কোনটো ধৰিব আপুনি....‘অথিৰ ধন জন’ নে.... ‘ পিয়লা ’খন ধৰিব আপুনি ? কোনটো ধৰিব ?”
চেয়াৰমেন হতভম্ভ ..... বাহ কি বিশ্লেষণ...লগে লগে কলিতাদাই লাহেকৈ কলে – “বাইদেউ ফাল্টু কবি   নহয় নেকি ?”
“ঠিক আছে ঠিক আছে.... আপুনি.... এইবিলাক পাহৰকচোন এতিয়া…বেলেগ প্ৰসংগলৈ আহো ”- চেয়াৰমেনৰ কাষত বহাজনে চশমাখন খুলি লৈ কলে ।
লগে লগে কলিতাদাই উভতি ধৰিলে – “আকৌ আপুনি ফাল্টু কথা কৈ দিলে.... কেনেকৈ পাহৰিব হে কেনেকৈ পাহৰিব.....এই তাহানি কবিয়ে কৈছে “অতীতক নাযাবা পাহৰি...” এতিয়া আকৌ কবিয়ে কি কৈছে “অতীতক যোৱাহে পাহৰি” । কোনটো  ধৰিব আপুনি বাইদেউ কো-কোনটো ধৰিব....কবি ফাল্টু নহয় নেকি ?”
চেয়াৰমেনৰ মুখৰ মাত সৰিল,  লাহেকৈ কলে – “বাৰু ঠিক আছে.....আপোনাৰ কবিতাৰ ওপৰত দখল আছে কি আছে আমি বুজিলো, আপোনাক এতিয়া আমি ইণ্টেলিজেন্স মানে বুদ্ধিমত্তাৰ অলপ পৰীক্ষা  লওঁ, কাৰণ ক্লাচৰূমত আপোনাৰ প্ৰেজেন্স অৱ মাইণ্ড অলপ লাগিবতো । বৰুৱা আপুনি আৰম্ভ কৰক ।“
আমাৰ কলিতাদা নিৰ্বিকাৰ হৈ বহি আছে । আজি শেনৰ এজাত, চাকৰিটো নাপায়েই যেতিয়া আজি প্ৰতিটো প্ৰশ্নতে চেলেঞ্জ কৰিবই । বৰুৱা বোলাগৰাকীয়ে আৰম্ভ কৰিলে- “ আপোনাৰ ঘৰ ? “
কলিতাদাই অলপ সময় ভালদৰে চিন্তা কৰি সুধিলে- “ মোৰ........ মানে দেউতাৰ ঘৰ ? তিনিচুকীয়াত ।” 
পুনৰ একেজনে প্ৰশ্ন এৰিলে, - “ এই ধৰক আপুনি তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ ট্ৰেইনেৰে আহিব্, কিমান সময় লাগিব বাৰু  ট্ৰেইনেৰে আহিলে ?”
কলিতাদাই অলপ সময় মনে মনে থাকি মাত লগালে - “ হেঃ হেঃ হেঃ বাইদেউ দেখিলেনে প্ৰশ্নৰ মাজত প্ৰশ্ন ৰাখি গ’ল .....মই তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ আহিম....পিচে কোনখন ট্ৰেইনত ? ৰাজধানীত আহিমনে, ব্ৰহ্মপুত্ৰত আহিম...নে ইণ্টাৰচিটিত আহিম । নে সেই মালগাড়ীত বিনা ভাড়াত আহিম । প্ৰথমতে এই প্ৰশ্নটোৰ উত্তৰ মোক দিয়ক । পেচেঞ্জাৰত আহিমনেকি ?
চেয়াৰমেনে কথা বিষম দেখি হস্তক্ষেপ কৰিলে, “ অ....হয়, এই প্ৰশ্নটো অলপ খেলিমেলি হৈছে । ঠিক আছে বাৰু । এইবিলাক তুমি এৰি দিয়া । পিছে মি. কলিতা আমি অনুভৱ কৰিছো যে আপুনি উত্তৰবোৰ বৰ এটা সদিচ্ছাৰে দিয়া নাই, তুমি ভদ্ৰামিটো ৰাখিব নাজানিলা । এনেকৈ উত্তৰদিলে কি হব পাৰে বুলি ভাবিছে বাৰু আপুনি ?”
এইবাৰ আমাৰ কলিতাদা উৎফুল্লিত হৈ উঠিল । উত্তৰবোৰ গাত লাগিছে মানে এইবাৰ । শেষ উত্তৰ দিলে কলিতাদাই, “ বাইদেউ ভয় নেদেখুৱাব, ইণ্টাৰভিউ দি দি কলিজা ডাঠ হৈ গৈছে ।”
চেয়াৰমেনে দেখিলে যে এইজন সহজে হাৰ মনা ভকত নহয় । গতিকে বিদায় দিয়াই ভাল হব বুলি ভাবি সিমানতে সাক্ষাতকাৰ সামৰিলে । কলিতাদাও “আজি ভালকৈ দিলো” এনে মনোভাবেৰে আহি আমাৰ হোষ্টেল পালেহি । আমাৰো এসাজ ভালকৈ খোৱাৰ যোগাৰ হ’ল । পিছে ককাইয়ে চাকৰিটো পালেনে নাই সেইটোহে খবৰ নাপালো ।

Monday, 9 July 2012


ডাক্তৰ – ডাক্তৰ
১৯৮৯ চন । প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণী । সৰুছাৰৰ পুতেকে স্কুললৈ আহিয়েই কলেহি যে সেইদিনাখন আমাক কলেৰা বেজী দিবলৈ ডাক্তৰ আহিব । কথাটো শুনাৰ লগে লগে লগৰ দুটামানে কিতাপ ফলি লৈ ভিৰাই ঘৰলৈ দৌৰ দিলে । আমি ভয়পাদুৰা ভয়পাদুৰা বুলি চিঞৰি চিঞৰি সিহঁতক জোকাবলৈ ধৰিলো । মোৰো বুকুখন কঁপিছিল কিন্তু পলাবলৈ সাহস ন’হল । পানীখোৱা ছুটিৰ সময়ত চাইকেলৰ কেৰিয়াৰত চামৰাৰ কলা বেগ এটা বান্ধি লৈ ডাক্টৰ হাজিৰ । আমি কোৱাকুই কৰিবলৈ ধৰিলো, “এইজনেই ডাক্তৰ । আমাক এতিয়া বেজী দিব” । সৰুছাৰে স্কুলৰ ওচৰৰ মানুহঘৰৰ পৰা কেটলী এটাত গৰম পানী আৰু এটা মগ লৈ আহিল । ডাক্তৰজনে বেগৰ পৰা সৰু বাকচ এটা উলিয়ালে আৰু সেইটোৰ পৰা ছিৰিঞ্জ এটা উলিয়াই লৈ তাত বেজী এটা লগাই ললে আৰু মগত অলপ গৰম পানী লৈ ছিৰিঞ্জটোত পানী ভৰালে । তাৰ পাচত বিশেষ কায়দাৰে বেজীটো ওপৰমুৱা কৰি পানীখিনি ফিচকাৰী মাৰি ওপৰলৈ মাৰি পঠিয়ালে । আমি ভয়ে ভয়ে চাই থাকোতেই সৰুছাৰে কলে “ চবেই আজি বেজী লব লাগিব, এতিয়া যিয়ে প্ৰথমতে লবহি তাক এটা মৰ্টন দিম মোৰ ফালৰ পৰা” । এইবুলি এটা মৰ্টন জেপৰ পৰা উলিয়াই টেবুলত থলে । কোনো আগবাঢ়ি নগ’ল । সৰুছাৰে এইবাৰ আলমাৰিটোৰ ওপৰত থোৱা বেতদাল ওলিয়াই ললে । ভাবিলো বেত খাই বেজী লোৱাতকৈ মৰ্টনটো খোৱাই ভাল হব । এনেয়েওটো বেজী লবই লাগিব বুলি অগুৱাই গৈ হাতখন পাতি দিলো । ডাক্তৰজনে সৰু বটল এটাৰ মুখত বেজীটো লগাই লৈ ছিৰিঞ্জটোত দৰৱ ভৰাই ললে । তাৰ পাছত গৰম পানীত কপাহ তিয়াই মোৰ বাওঁহাতৰ বাউসীতো মোহাৰি ললে । মই কান্দিমেই নে হাঁহিম কৰি বেজীৰ খোঁচটো মৰালৈকে চাই থাকিলো । এজনী আমৰলি পৰুৱাই কামোৰাৰ সমান বিষ হ’ল । বেজী দিয়া ঠাইদোখৰ কপাহেৰে মোহাৰি মোহাৰি বীৰদৰ্পে টেবুলত থোৱা মৰ্টনটো লৈ নিজৰ ঠাইত বহি বাকীবোৰক বেজী দিয়া চাই থাকিলো । কিছুমানে কান্দিলে আৰু কিছুমানে একেবাৰে নিবিষালে বুলি কৈ বাকীবোৰক চাই থাকিল । 

বেজীৰ বিষে গধুলিহে পৰাক্ৰম দেখুৱাবলৈ ধৰিলে ।  হাতখন ডাঙিব নোৱাৰা হলো, ক’ৰবাত লাগিলেই গেজেককৈ বিষাই । পিছদিনাখন জ্বৰীয়া গাৰেই স্কুললৈ গ’লো । উদ্দেশ্য এটাই, আমাৰ ভয়পদুৰা পলৰীয়া কেইটাক ডাঙৰচাৰে কি শাস্তি দিয়ে । পিচে শাস্তি দেখি সন্তোষ নাপালো কাৰণ গোটেইকেইটাক শাৰী পাতি থিয় কৰাই মাত্ৰ দুবেত দুবেত দিয়েই শাস্তি সামৰিলে । আমি অংক নোৱাৰিলে আকৌ পাঁচ বেত দিছিল । ভয়পাদুৰা এটাই ওচৰলৈ আহি কলেহি “ খোঁচটো খুৱাতকৈ দুবেত লোৱাই ভাল, দেখিলি” । মনতে সংকল্প ললো আজিৰ পৰা আৰু বেজী নলওঁ ।

চতুৰ্থ শ্ৰেণী । সৰুছাৰে পদ্য মুখস্ত লৈ আছে । হঠাতে দেখিলো ডাক্টৰ আহিছে । চাইকেলৰ কেৰিয়াৰত কলা বেগটো । আমাৰ মুখবোৰ আতংকিত হৈ পৰিল । সৰুছাৰে ডাক্টৰক আগবঢ়াই আনিবলৈ বুলি বাহিৰলৈ ওলাইছেহে, সুবিধা বুজি আমাৰ ভয়পাদুৰা বহিনী খিড়ীকিৰে জপিয়াই ওচৰৰ এৰাবাৰীখনৰ ফালে দৌৰ দিলে । এইবাৰ লগত ময়ো । এৰাবাৰীৰ ডাঠ হাবিৰ মাজে মাজে গৈ হাফলু এটাৰ আঁৰত লুকাই আটাইকেইটাই ফোঁপাই জোপাই পিছলৈ চালো । নাই, সৰুছাৰে পাছে পাছে নেখেদিলে । এতিয়া ডাক্টৰ নোযোৱালৈকে এৰাবাৰীতে লুকাই থকাই ভাল হব । ঘৰলৈ যাবলৈ আকৌ স্কুলৰ আগেদিয়েই যাব লাগিব । গতিকে হাঁফলুৰ ওপৰতে কিতাপবোৰ থৈ আটাইকেইটা বনপিঠা গছৰ তল পালোগৈ আৰু বনপিঠা খায়েই সময়বোৰ পাৰ কৰিলো । পিছদিনাখন স্কুললৈ গৈহে গম পালো যে ডাক্টৰে বেজী দিবলৈ অহাই নাছিল । সকলোকে পিল খুৱাই থৈহে গ’ল । তাৰমানে আমি ৰামঠগন খালো ।

ডাঙৰ চাৰৰ ওচৰত দুবেত লবলৈ হাতখন পাতি দি মনে মনে ভাবিলো “ বনপিঠা মিঠা, পিলবোৰহে তিতা” ।